ডিজিটেল ডেস্কঃ সোমবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ সমীপত আৰু কুকুৰাকটা পাহাৰৰ সমীপত আৰক্ষীৰ গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে ।
সমজিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে আৰক্ষীৰ নিৰ্দেশ নামানি এখন সন্দেহজনক বাহনে পলায়ন কৰাত আৰক্ষীয়ে শূণ্যলৈ গুলী কৰি বাহনখন ৰখোৱাৰ চেষ্টা কৰে । তাৰ পাছতো বাহনখনে পলায়ন কৰাত আৰক্ষীয়ে খেদি যায় আৰু নগাওঁ জিলাৰ সীমামূৰীয়া বাগৰিত বাহনখন ধৰিবলৈ সক্ষম হয় ।
চাৰিজন আৰোহিসহ বাহনখন জব্দ কৰে আৰক্ষীয়ে ।আৰক্ষীয়ে জব্দ কৰা ' তিয়াগো ' বাহনখনৰ নম্বৰ হল AS 03 AE 8143 । আনহাতে ধৃত বাহনৰ আৰোহীকেইজন হল বাবুল আলি , চাইদুৰ ৰহমান, নাজিৰ আলি আৰু বুতু আলি । চাৰিওজনৰ ঘৰ যোৰহাটত । আৰক্ষীৰ নিৰ্দেশ নামানি দলটোৱে কিয় পলায়ন কৰিছিল এই কথা আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব ।
আৰক্ষীৰ ফালৰ পৰা এই ঘটনা সংক্ৰান্তত দুটা গুলী ফুটুৱা হৈছিল যদিও স্থানীয় লোকৰ মন্তব্য মতে গুলী ফুটিছিল তিনিজাঁই । জখলাবন্ধা থানাৰ সমীপত একজাঁই আৰু বাহনখন খেদি গৈ থাকোতে কুকুৰাকটা পাহাৰৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় পথত আৰক্ষীয়ে চলাইছিল আন দুইজাঁই গুলী ।
উৎস : প্ৰাগ নিউজ ডিজিটেল