ডিজিটেল ডেস্ক : অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংক্রান্তত গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সময় যিমানে কাষ চাপি আহিছে, সিমানে তেওঁলোকৰ সুৰক্ষাৰ প্ৰশ্ন বৃদ্ধি পাইছে। সমগ্র অসম অগ্নিশর্মা হৈ আছে অভিযুক্তসকলৰ বিৰুদ্ধে। তেনে ক্ষেত্ৰত তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছত কিমান সুৰক্ষিত হৈ থাকিব এতিয়া এই বিষয়ত আৰক্ষী উদ্বিগ্ন হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত অভিযুক্তকেইজনক বহিঃৰাজ্যৰ কাৰাগাৰত ৰখাৰো চিন্তা-চৰ্চা চলিছে। লক্ষ্যণীয়ভাৱে মাত্র দুদিন পূৰ্বে প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা ডি বি ষ্টকৰ দীপাংকৰ বৰ্মনক কাৰাগাৰৰ ভিতৰতে হত্যাৰ অপচেষ্টা কৰা বিষয়টোৱে এতিয়া শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আদিৰ নিৰাপত্তাৰ বিষয়ত অধিক উদ্বিগ্নতা বৃদ্ধি কৰিছে।
প্রণিধানযোগ্য যে ইতিমধ্যে এই অভিযুক্তসকলক ৰাখিবৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত দুটা পৃথক চেল নিৰ্মাণৰ কাম পূৰ্ণগতিত চলাই থকা হৈছে। এই চেলৰ ভিতৰতে শৌচালয় আৰু গা ধোৱা ঘৰৰ ব্যৱস্থাও কৰা হৈছে। ইফালে এই চেল দুটাত ৰখা অভিযুক্তসকলৰ গতি-বিধি ২৪ ঘণ্টাই নিৰীক্ষণ কৰিবৰ বাবে অত্যাধুনিক চি চি টিভি কেমেৰাও সংযুক্ত কৰা হৈছে। এই কেমেৰাই চেলৰ প্ৰতিটো কোণ সামৰি ল'ব। আনকি চেলত থকাসকলৰ কথা-বতৰাও নিয়ন্ত্রণ কক্ষৰ পৰা শুনি থাকিব পৰা যাব। কিন্তু এই কাম চলি থকাৰ সময়তে দীপাংকৰ বৰ্মনক প্রাণঘাতী আক্ৰমণৰ দৰে ঘটনা সংঘটিত হোৱাত এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ প্ৰাণৰ প্ৰতি ভাবুকি আহি পৰিছে। কাৰণ কাৰাগাৰৰ ভিতৰতো বহু জুবিন অনুৰাগী আছে। সেয়ে ৰাজ্যৰ গৃহ বিভাগে এতিয়া বিষয়টো নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈছে। প্রণিধানযোগ্য যে প্রথমে কাৰাগাৰলৈ যাব শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শৰ্মা। দুয়োজনৰ ওপৰতে অসমবাসী অগ্নিশর্মা হৈ আছে।
যোৱা ১ অক্টোবৰত হত্যাৰ অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল, কিন্তু অহা ১৪ বা ১৫ অক্টোবৰত তেওঁলোকক আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰাটো নিশ্চিত। ন্যায়িক জিম্মাত থকাৰ সময়ত তেওঁলোকে সাধাৰণ কয়েদীৰ দৰেই থাকিব লাগিব। এনে পৰিস্থিতিত গৃহ বিভাগে তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত অন্য ৰাজ্যৰ কাৰাগাৰত ৰখাৰ চিন্তা-চৰ্চাও কৰা হৈছে। কিন্তু এনে কৰিবৰ বাবে যিখন ৰাজ্যৰ কাৰাগাৰত ৰখাৰ পৰিকল্পনা কৰা হৈছে সেই ৰাজ্যৰ চৰকাৰৰ অনুমতি আৰু আদালতৰ অনুমতিৰ প্ৰয়োজন হ'ব। লক্ষণীয় যে কেৱল জম্মু-কাশ্মীৰৰ বাহিৰে দেশৰ অন্য সকলো ৰাজ্যৰ কাৰাগাৰত ৰখাৰ সুযোগ মুকলি হৈ আছে। অৱশ্যে এতিয়াও তেওঁলোকক আদালতত হাজিৰ কৰিবলৈ বাকী আছে আৰু তাৰ সমান্তৰালকৈ অনুমতিৰ যাৱতীয় প্রক্রিয়া বাকী আছে।