শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ  ২২ বছৰীয়া যুৱকৰ মৃত্যু

dainik janambhumi August 27, 2025

ডিজিটেল ডেস্কঃ শিলচৰত সংঘটিত হৈছে এক কৰুণ ঘটনা।   মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকে সাবটিলে মৃত্যু।

শিলচৰৰ ঘুংঘুৰ এলেকাত ২২ বছৰীয়া  যুৱকজনে ৩-৪ বন্ধুৰ সৈতে শিলচৰ এন আই টিৰ গাতে লাগি থকা পুখুৰীত মাছ ধৰিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল। মাছ ধৰি থাকোঁতেই পুখুৰীত ডুব যায় যুৱকজন।

এই খবৰ পোৱাৰ পাছত স্থানীয় ৰাইজে পুখুৰীৰ পৰা যুৱকজনক উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়লৈ লৈ যোৱাৰ পাছত কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

যুৱকজনৰ অকাল মৃত্যুত পৰিয়ালকে ধৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত যুৱকজনৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়ে।

Share This