ডিজিটেল ডেস্ক : অসমৰ হেঁপাহৰ শিল্পী, হার্টথ্রৱ জুবিন গাৰ্গ আমাৰ মাজত নাই বোলা কথাটো বিশ্বাস কৰিবলৈ স্বাভাৱিকতেই কঠিন। কিন্তু সেই কঠিন খবৰেই সঁচা হৈ অসমৰ প্ৰতিগৰাকী লোকৰ হৃহৃদয় ভাঙি আজি চূৰমাৰ কৰে। ছিংগাপুৰস্থিত অসমীয়া লোকৰ সৈতে ফুৰিবলৈ গৈ এটা দ্বীপত সাঁতোৰাৰ সময়তে অসুস্থ হৈ পাছত চিকিৎসালয়ত মৃত্যুক আঁকোৱালি লোৱা খবৰ বিয়পি পৰাৰ পাছতে সৰ্বস্তৰৰ ৰাইজ শোকাহত হৈ পৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে মাজুলীতো সকলো ৰাইজ শোকত ম্রিয়মাণ হৈ পৰিছে। সমান্তৰালভাৱে শিল্পীগৰাকীয়ে বিভিন্ন অনুষ্ঠানৰ বাবে মাজুলীলৈ আহি সততে থাকি ভালপোৱা নিৰিবিলি হ'মষ্টেৰ স্বত্বাধিকাৰী, কৰ্মচাৰীসকলো শোকত ভাগি পৰিছে। শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে বিশিষ্ট উদ্যোগী ইন্দুকল্প ভৰালীৰ মাজুলীৰ কমলাবাৰী চিভিল তিনিআলিস্থিত নিৰিবিলি হ'মষ্টেত এই প্রতিবেদক উপস্থিত হৈ শিল্পীগৰাকীয়ে সততে থাকি ভালপোৱা অতিথি আৱাসটোৰ সৈতে শিল্পীগৰাকীৰ স্মৃতি বুটলিবলৈ যত্ন কৰা হয়। সেই অনুসৰি শিল্পীগৰাকীয়ে সততে কিধৰণৰ খাদ্য খাই ভালপায় বা শিল্পীগৰাকীৰে অতিথি আৱাসটোৰ কৰ্মচাৰীৰ সান্নিধ্য সন্দর্ভত সোধাত প্রথমে শিল্পীগৰাকীয়ে জুতি থকা খাদ্য খাই ভালপায় বুলি হ'মষ্টেৰ খাদ্যৰ দায়িত্বত থকা কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।
শেহতীয়াকৈ শিল্পীগৰাকীয়ে মাজুলীত অনুষ্ঠান কৰিবলৈ আহি হ'মষ্টেটোত পুৱা মানিমুনিৰ লগত মাণ্ডৰ মাছ আঞ্জা খাব বুলি কোৱাত সেইদৰেই শিল্পীগৰাকীক আপ্যায়ন কৰা বুলি জানিবলৈ দিয়ে। ইফালে শিল্পীগৰাকী যেতিয়াই মাজুলীলৈ আহে তেতিয়াই কৰ্মচাৰীসকলৰে বন্ধুত্বসুলভ আচৰণ কৰা বুলি জানিবলৈ দিয়ে। শিল্পীগৰাকীয়ে ইয়াৰ উপৰি মাজুলীৰ ডেকাচাং ৰিজৰ্ট, এনচাণ্টিং মাজুলীতো পূর্বে কটাইছিল যদিও নিৰিবিলি হ'মষ্টেট থাকি আটাইতকৈ ভালপোৱা বুলি জানিবলৈ দিয়ে। শেহতীয়াকৈ নিৰিবিলি হ'মষ্টেত থাকি পুনৰ মাজুলীলৈ আহিলে অতিথি আৱাসটোলৈ অহাৰ প্রতিশ্রুতি দিছিল যদিও আজি অনাকাংক্ষিত বাতৰিত এতিয়া নিৰিবিলিৰ কর্তৃপক্ষ শোকত ভাগি পৰিছে। ইফালে নিৰিবিলি হ'মষ্টেত জুবিন গার্গে নিজেই জুবিন গাৰ্গ নামৰ এটা আটকধুনীয়া কোঠা উদ্বোধন কৰি গৈছিল আৰু কোঠাটোত নিশাও কটাইছিল।
ইফালে কালি নিৰিবিলি কর্তৃপক্ষই জুবিন গাৰ্গৰ কোঠাটোত এগছি বন্তি জ্বলাই শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। কোঠাটোত সুন্দৰকৈ সজাই জুবিন গার্গে বিশ্রাম লোৱা বিছনাখনো সজাই ৰাখি নিৰিবিলি কর্তৃপক্ষই শিল্পীগৰাকীক শ্রদ্ধা জনোৱা পৰিলক্ষিত হ'ল। ইফালে জুবিন গার্গে মাজুলীত প্রায় ২০০৩ চনৰ পৰাই অনুষ্ঠান পৰিৱেশন কৰিছিল যদিও শেহতীয়াকৈ মাজুলীৰ পূব মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলনী, পূবেৰুণ কলা পৰিষদ গড়মূৰৰ কেন্দ্ৰীয় ৰঙালী বিহু আৰু একাধিকবাৰ নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত শিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰিছিল। উক্ত বিহু সম্মিলনীসমূহে শিল্পীগৰাকীৰ আকস্মিক প্রয়াণত গভীৰ শোক প্ৰকাশ কৰি শিল্পীগৰাকীৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়।