কৰনাৰ্ছ কেছ হিচাপে তদন্ত ছিংগাপুৰ আৰক্ষীৰ, সহজভাৱে লোৱা নাই জুবিনৰ মৃত্যুৰ ঘটনাক

dainik janambhumi October 14, 2025

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক সহজভাৱে লোৱা নাই ছিংগাপুৰ আৰক্ষীয়ে। ৰহস্যজনক অপমৃত্যুৰ ঘটনা বুলি ধৰি লৈ ছিংগাপুৰ আৰক্ষীয়ে জুবিনৰ মৃত্যুৰ তদন্ত আগুৱাই নিছে। আনকি জুবিনৰ মৃত্যুক কৰনাৰ্ছ কেছ (coroner's case) হিচাপেও গণ্য কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। উল্লেখযোগ্য যে কোনো লোকৰ মৃত্যুত সন্দেহৰ থল থাকিলে কৰনাৰ্ছৰ হাতলৈ গোচৰটো হস্তান্তৰ কৰে ছিংগাপুৰ আৰক্ষীয়ে। এই কৰনাৰ্ছ গোচৰসমূহৰ তদন্তৰ দায়িত্বত থাকে এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ মেডিকেল ডিগ্রীধাৰী বিষয়া। 

উক্ত বিষয়াগৰাকীয়ে আৰক্ষীৰ তদন্তৰ সকলো তথ্য পুনৰ চালি-জাৰি চাই প্রতিবেদন প্রস্তুত কৰে। আৰক্ষীৰ তদন্তৰ পাছত আৰম্ভ হোৱা এই কৰনাৰ্ছ তদন্ত ছিগাংপুৰত সদায়ে যথেষ্ট গুৰুত্ব দিয়া নাই। এনে পৰিস্থিতিত জুবিনৰ মৃত্যুত যে ছিংগাপুৰ আৰক্ষীয়ে ৰহস্যৰ গোন্ধ পাইছে সেয়া একপ্ৰকাৰ নিশ্চিত। উল্লেখযোগ্য যে ১৯ ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰৰ সাগৰৰ পানীত পৰি মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ। নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ জুবিনে একাংশ ছিংগাপুৰ নিৱাসী প্ৰৱাসী অসমীয়াৰ সৈতে সাগৰলৈ গৈছিল। সেই তেতিয়াই সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু হৈছিল অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ। 

ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে ভাৰত চৰকাৰক প্ৰদান কৰা পোষ্টমর্টেম ৰিপ'ৰ্টটো অসম আৰক্ষীয়ে লাভ কৰিছে। উক্ত ৰিপ'ৰ্টটো এতিয়াও ৰাজহুৱা কৰা হোৱা নাই যদিও ছিংগাপুৰ আৰক্ষীয়ে চলাই থকা তদন্তই নতুন মোৰ লৈছে। এনে পৰিস্থিতিত কৰনাৰ্ছ গোচৰ হিচাপে গণ্য কৰাৰ পাছত কি ৰহস্য ফাদিল হয় সেয়াহে লক্ষণীয় হ'ব।

Share This