ডিজিটেল ডেস্ক : সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পাকিস্তানৰ লগত থকা সম্পৰ্ক সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান গোটে (এছ আই টি) সোধা-পোছাৰ বাবে তলব কৰিব। গগৈক তলবৰ বাবে লোক সভাৰ অধ্যক্ষৰ অনুমতিৰ প্ৰয়োজন হ'ব। এছ আই টিয়ে অনুমতি বিচাৰি লোক সভাৰ অধ্যক্ষ ওম বিৰলালৈ আবেদন জনাব বুলি জানিব পৰা গৈছে।
প্রদেশ কংগ্ৰেছৰ সভাপতি, সাংসদ তথা লোক সভাৰ বিৰোধী দলপতি গৌৰৱ গগৈয়ে এই বিষয়ত প্রতিক্রিয়া প্রকাশ কৰি কয় যে এছ আই টিয়ে মাতিলে তেওঁ নিজেই যাব। তথাপি অধ্যক্ষৰ অনুমতি বিচাৰি যদি আবেদন জনায় তেন্তে বিষয়টো আৰু ভাল হ'ব, কাৰণ লোক সভাৰ অধ্যক্ষরো বিষয়টো অধ্যয়ন কৰিব পাৰিব।
এছ আই টিয়ে সোধা-পোছাৰ বাবে কেতিয়া মাতিব তালৈ বাট চাই থকাৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে এছ আই টিয়েহে তেওঁৰ পাকিস্তানৰ লগত থকা সম্পর্ক সন্দর্ভত তথ্য বিচাৰিব লাগে। কিন্তু তেওঁলোকে তথ্য বিচাৰিছে ৰিপুন বৰাৰ পৰা। তেন্তে কি তদন্ত কৰি আছে বুলি প্রশ্ন কৰি গগৈয়ে কয় যে কংগ্রেছে অসমত চলি থকা কয়লা, বালিৰ ছিণ্ডিকেট, জনজাতি, জনগোষ্ঠীয় লোকক কৰা অপমান, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ মন্ত্ৰীৰ লুটপাত, কেলেংকাৰি উদঙাই সেইবোৰ বিষয় ৰাইজৰ ওচৰলৈ নিবলৈ বিচাৰিছে।