ডিজিটেল ডেস্ক : বাক্সা জিলাৰ নিকাছিস্থিত কাৰাগাৰ চৌহদত হিংসাত্মক পৰিৱেশ সৃষ্টি কৰাৰ সন্দেহত এতিয়ালৈ বাক্সা আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। কাদেৰ আলী, ৰমীজ আলী, আহেলা মীঞা আৰু চালামুন আলীক কালি মুছলপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্বাস্থ্য পৰীক্ষাৰ অন্তত আটাইকেইগৰাকীকে বাক্সা জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। উল্লেখযোগ্য যে বুধবাৰে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হিংসাত্মক ঘটনাৰ লগত মুঠ ১৩গৰাকী ব্যক্তিক আৰক্ষীয়ে ভিডিঅ' ফুটেজৰ সহায়ত বৰ্তমানলৈ চিনাক্ত কৰিছে। ইতিমধ্যে বাক্সা আৰক্ষীয়ে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে ভিডিঅ' ফুটেজৰ সহায়ত চিনাক্ত কৰা ব্যক্তিকেইজন ক্রমে নজৰুল আলম (মাদুলীবাৰী), মহিদুল ইছলাম, মুস্তফা আহমেদ, চহিদুল (দীঘলদঙা), হামিদ আলী, আব্দুল আলী, ৰূপম আলী, হৰেকৃষ্ণ পাঠক (গাৰামদেউ), চম্পক নাথ, কুলেন ডেকা (কুঁৱেৰী চক), বিকি দাস (কুঁৱেৰী চক), বিকাশ ৰয় আৰু বিদ্যুৎ চেত্রী। বাক্সা আৰক্ষীয়ে এইসকল অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবৰ বাবে শীঘ্ৰে অভিযান চলাব। প্রণিধানযোগ্য যে বুধবাৰে জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি পাঁচ অভিযুক্তক চৈধ্য দিনৰ ন্যায়িক জিম্মাত ৰখাৰ বাবে বাক্সাৰ নৱনিৰ্মিত কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। যোৱা ২১ জুনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা কাৰাগাৰখনত অন্য কোনো আচামীক ৰখা হোৱা নাছিল। কাৰাগাৰখনৰ প্ৰথম আচামী হিচাপে হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ সন্দেহত অভিযুক্ত লোকক ৰাখিব বিচৰা কাৰ্যত ৰাইজ ক্ষুণ্ণ হৈ পৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু এটা সময়ত প্রতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে। পৰিস্থিতি ভয়াৱহ হৈ উঠে। আনকি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনাও কৰিব লগীয়া হয়।
আৰক্ষী আৰু জনতাৰ ভয়ংকৰ সংঘৰ্ষত ৰক্তাক্ত হৈ পৰে কাৰাগাৰৰ সন্মুখভাগ। আৰক্ষীৰ লগতে কেইবাজনো কৰ্তব্যৰত সাংবাদিক গুৰুতৰভাৱে আহত হয় শিল নিক্ষেপত। আনহাতে আৰক্ষীৰ গুলীতো আহত হয় তিনিজন। সম্প্ৰতি আৰক্ষীৰ গুলীত আহত দুজন গুৱাহাটীৰ এইমছত চিকিসাধীন হৈ আছে। আনহাতে প্রতিবাদকাৰীয়ে কেইবাখনো আৰক্ষীৰ বাহন জ্বলাই দিয়াৰ লগতে ক্ষতিগ্রস্ত কৰিছিল। সম্প্ৰতি আজিও জিলা কাৰাগাৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন হৈ আছে। যাৰ বাবে নিকাচি অঞ্চলৰ সামগ্রিক পৰিৱেশ বৰ্তমান সুস্থিৰ হৈছে। ৰাইজৰ মাজত স্বাভাৱিক জীৱন ঘূৰি আহিছে।