ডিজিটেল ডেস্ক : উজনিৰ বিশেষকৈ শিৱসাগৰ জিলাত সন্দেহযুক্ত বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে একাংশ সংগঠনে অভিযান চলাই থকাৰ সময়তে শিৱসাগৰবাসী সচেতন ৰাইজে এই সংগঠনসমূহৰ কাম-কাজৰ ক্ষেত্ৰত সন্দেহৰ অৱকাশ ব্যক্ত কৰিছে। সন্দেহযুক্ত নাগৰিকৰ আলম লৈ দল-সংগঠনকে আদি কৰি শিৱসাগৰৰ বিধায়ক গৰাকীৰ ভূমিকাত ক্ষুণ্ণ হৈছে শিৱসাগৰবাসী সচেতন ৰাইজ। শিৱসাগৰ জিলাত চলি থকা এক গুৰুত্বপূৰ্ণ প্রকল্পত শ্রমিক হিচাপে কাম কৰিবলৈ অনা একাংশ লোকৰ বিৰুদ্ধে বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ ভূমিকাক লৈ শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত প্রশ্ন উত্থাপন হৈছে। শিৱসাগৰৰ ৰুদ্ৰসিংহ ক্রীড়া প্রকল্পত কাম কৰিবলৈ মানকাচৰৰ পৰা আহি থকা সন্দেহযুক্ত নাগৰিকক লৈ মঙলবাৰে শিৱসাগৰত ব্যাপক উত্তেজনা দেখা যায়। সূত্র মতে, মঙলবাৰে নিশা এখন বাছেৰে ৪৭গৰাকী শ্রমিক শিৱসাগৰলৈ আহিছিল।
শ্রমিকসকলক ক্রীড়া প্রকল্পত কাম কৰিবলৈ আমদানি কৰা হৈছিল। কিন্তু শিৱসাগৰ নগৰ প্ৰৱেশ কৰাৰ পাছতে পুৰণিপুখুৰীত জাতীয় সংগ্রামী সেনা অসম আৰু বীৰ লাচিত সেনাৰ সদস্যসকলে বাছখনক বাধা দিয়ে। সংগঠন দুটাই এই শ্রমিকসকলক 'সন্দেহযুক্ত বাংলাদেশী নাগৰিক' বুলি দাবী কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শ্রমিকসকলক জয়সাগৰ থানালৈ লৈ যায়। বর্তমান ৪৭গৰাকী শ্রমিকক নথি-পত্ৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। ইপিনে, সন্দেহযুক্ত নাগৰিকৰ প্ৰৱেশ প্ৰতিৰোধ কৰিবলৈ বাধা দিয়া বীৰ লাচিত সেনাৰ ৫জন সদস্যক আৰক্ষীয়ে আটক কৰে। আটকাধীন সদস্যসকলক শিৱসাগৰ সদৰ থানাত ৰাখি সোধা-পোছা চলি আছে।
ঘটনাটোত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে জাতীয় সংগ্রামী সেনা অসমৰ কেন্দ্রীয় সভাপতি চিতু বৰুৱাই। তেওঁৰ অভিযোগ- 'আমি প্রায় পঞ্চাছজন সন্দেহযুক্ত নাগৰিকক আবদ্ধ কৰি আৰক্ষীক গতাই দিলোঁ। কিন্তু আৰক্ষীয়ে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আমাৰ সতীর্থকেই আটক কৰিলে। এনে কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ।' সংগঠনটোৱে স্পষ্টভাৱে কয় যে উজনি অসমত এটাও সন্দেহযুক্ত নাগৰিক থাকিবলৈ নিদিওঁ। আমাক প্রতিবন্ধকতা দিব বিচাৰিলে আমি মুখামুখি চেলেঞ্জৰ বাবে সাজু আছোঁ। ঘটনাটোক লৈ শিৱসাগৰজুৰি তীব্ৰ চাঞ্চল্য পৰিলক্ষিত হৈছে।