শিৱসাগৰৰ ছাত্ৰ গৌৰৱ ৰঞ্জন হাতীমূৰীয়াই দেখুৱাইছে স্বাৱলম্বী হোৱাৰ আদৰ্শ

Kakali Deka April 08, 2025

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ এজন ব্যতিক্ৰমী ছাত্ৰ। যুৱ উচ্ছৃংখলতাৰ বিপৰীতে ছাত্ৰজন কিছু পৃথক।

ছাত্ৰজন কিয় ইমান বিশেষ, তাৰো আছে এক কাৰণ।

বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ গৌৰৱ ৰঞ্জন হাতীমূৰীয়া। গৌৰৱৰ কৰ্মই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে মহাবিদ্যালয়খনৰ বাবে।

গৌৰৱৰ পিতৃগৃহ তিনিচুকীয়াৰ জাগুনত। কিন্তু অধ্যয়নৰ বাবে শিৱসাগৰৰ বাঢ়ৈটিঙত বৰদেউতাকৰ ঘৰত থাকি নিজৰ পঢ়া-শুনা কৰি আছে।

গৌৰৱ ৰঞ্জন হাতীমূৰীয়াই নিজৰ শিক্ষা জীৱন আগবঢ়াই নিয়াৰ লগতে আন বহুজন ছাত্ৰৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ।

গৌৰৱ এখন ই-ৰিক্সাৰ চালক। নিজ ভিনিহীয়েকে বাইক ক্ৰয় কৰিবলৈ দিয়া পইচাৰে বাইক ক্ৰয় নকৰি ক্ৰয় কৰিলে এখন ই-ৰিক্সা।

বাইকৰ ডীলাৰলৈ ঢাপলি মেলাৰ বিপৰীতে গৌৰৱে কিছু পৃথক চিন্তা কৰি ক্ৰয় কৰিলে এখন ই-ৰিক্সা।

গৌৰৱৰ পৃথক চিন্তাৰ বাবে এতিয়া সকলোৰে পৰা বুটলিবলৈ সক্ষম হৈছে সাধুবাদ। এতিয়া নিজৰ অধ্যনয়ৰ লগে লগে ই-ৰিক্সাখনৰে ভাৰা মাৰি দৈনিক ৭০০ টকাৰ পৰা ৮০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গৌৰৱে।

আনহাতে প্ৰত্যেক দিনা পুৱা ৭ বজাৰ পৰা ৯ বজালৈ ই-ৰিক্সা চলায় আৰু ৯ বজাৰ পৰা নিজ মহাবিদ্যালয়ত আহি শিক্ষাগ্ৰহণ কৰে।

Share This