খহি পৰিল ব্যক্তিগত চৌহদৰ প্ৰকাণ্ড দেৱাল, শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ প্ৰকল্পত অঘটন

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক : শিৱসাগৰত ৰংঘৰ প্ৰকল্পৰ কাম চলাই থকাৰ মাজতে শুকুৰবাৰে সংঘটিত হ'ল ব্যক্তিগত চৌহদৰ পকী বেৰ ভাগি পৰাৰ দৰে ঘটনা। শুকুৰবাৰে নিশা প্রায় ৮ বজাত প্রচণ্ড কুঁৱলী আৰু ঠাণ্ডাৰ মাজত ঔম প্রকাশ চাহু নামৰ ব্যক্তিজনৰ বাসগৃহৰ কাষত ফকলেনৰ সহায়ত উল্লিখিত প্ৰকল্পৰ বাবে খনন চলাই থকা হৈছিল। 

ব্যক্তিগত চৌহদৰ পকী বেৰৰ কাষতে প্রায় ১৪০ ফুট দীঘল আৰু ১২ ফুট দকৈ খন্দা উক্ত খননৰ পৰা যে পকী বেৰ খহি পৰিব পাৰে সেয়া ঔম প্রকাশ চাহু নামৰ ঘৰটোৰ স্বত্বাধিকাৰীজনে সাৱধান কৰি দিছিল। কিন্তু সেই কথাত কোনো গুৰুত্ব নিদি চৰকাৰী মাটিত খনন চলাবই বুলি দম্ভালি মাৰি এই খনন চলাই আছিল। খননৰ কাম শেষ কৰি যোৱাৰ প্ৰায় ১৫ মিনিট পাছতে পকী বেৰখন খহি পৰে। চৌহদৰ দেৱালৰ কাষত অতি গভীৰতাত খনন চলাই ঢালাই কৰি থকাৰ সময়তেই এই ঘটনা ঘটে। শ্রমিকসকলে সেই সময়ত নৈশ আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল। ফলত কথমপি প্ৰাণৰক্ষা পৰে প্ৰায় ১৫গৰাকী শ্ৰমিকৰ। লগে লগে প্রকল্পস্থলীত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

ৰংঘৰ প্ৰকল্পৰ ঠিকা লাভ কৰা ঔম কনষ্ট্রাকশ্যনৰ বিৰুদ্ধে ৰাইজৰ তীব্র ক্ষোভ প্রকাশ কৰে। স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালৰ সৈতে প্রকল্পস্থলীৰ কাৰ্যালয় ঘেৰাও কৰে। কিন্তু প্ৰকল্পৰ দায়িত্বত থকা বিষয়া-কর্মচাৰীসকলে পলায়ন কৰে। ৰাইজৰ ক্ষোভ দেখি লগে লগেই গভীৰ খননস্থলী পুতি নিজকে দায় সৰাৰ চেষ্টা কৰে ঔম কনস্ট্রাকশ্যনে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয়। ইফালে দেৱাল খহি যোৱাৰ বাবে ঔম প্রকাশ চাহুৰ আৰ চি চি ঘৰটোতো ফাট মেলিছে বুলি জানিবলৈ দিয়ে। নীতিবহির্ভূতভাৱে জনবসতিপূর্ণ এলেকাত ফকলেনৰ সহায়ত গভীৰ নিশা কাম চলাই থকাৰ বাবে অসন্তুষ্টি প্রকাশ কৰে স্থানীয় ৰাইজে।

Share This