ছগৰাকী বিশিষ্ট ব্যক্তিক 'ভাৰত ৰত্ন ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা' প্রদান, গুৱাহাটীত পুনেৰ সামাজিক-সাংস্কৃতিক সংস্থা 'ছৰহদ'ৰ অনুষ্ঠান

dainik janambhumi November 04, 2025

ডিজিটেল ডেস্ক : বিভিন্ন ক্ষেত্রত উল্লেখযোগ্য অৱদান আগবঢ়োৱা উত্তৰ-পূৰ্বাঞ্চলৰ ৬গৰাকী ব্যক্তিক কালি 'ভাৰত ৰত্ন ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা' প্রদান কৰা হয়। গুৱাহাটীত থকা নেডফি কনভেন্সন চেণ্টাৰত এই বঁটাসমূহ প্ৰদান কৰে উত্তৰ-পূব উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। মহাৰাষ্ট্ৰৰ পুনেৰ 'ছৰহদ' নামৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থাই আয়োজন কৰা এই অনুষ্ঠানত বঁটা প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, 'ভূপেন হাজৰিকাই সংগীতৰ জৰিয়তে মানুহৰ হৃদয়ক বিশাল ব্ৰহ্মপুত্ৰৰ দৰে ক্ষমতাৰ অধিকাৰী হোৱাৰ প্ৰেৰণা দিছিল। ড° হাজৰিকাই সংগীতেৰে কেৱল মানুহৰ হৃদয়কে ব্ৰহ্মপুত্ৰৰ দৰে বিশালতা প্রদান কৰি ক্ষান্ত হোৱা নাছিল। তেওঁ গীত আৰু সংগীতেৰে ভাৰতবৰ্ষৰ উমৈহতীয়া ঐতিহ্য আৰু মানৱতাৰ বিশ্বজনীন জয়গান গাবলৈকো শিকাই থৈ গ'ল। 

আনহাতে, বিভিন্ন মাধ্যম ব্যৱহাৰ কৰি তেওঁ মানুহৰ বেথা উপশম কৰাৰ লগতে সমাজবোৰৰ মাজত সাঁকো বন্ধাইছিল, ভেদাভেদ পৰিহাৰ কৰি একতাৰ ডোলেৰে সকলোকে বন্ধাৰ প্ৰয়াস কৰিছিল। উল্লেখযোগ্য যে কালিৰ অনুষ্ঠানত যি ৬গৰাকী ব্যক্তিক ভাৰতৰত্ন ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়, তেওঁলোক হৈছে ক্রমে বুৰঞ্জীবিদ, শিক্ষাবিদ তথা ইউ পি এছ চিৰ ভূতপূর্ব অধ্যক্ষ ড° ডেভিদ ছিয়েমলিহ (মেঘালয়), সু-সাহিত্যিক য়েছে দৰ্জে ঠংচি (অৰুণাচল প্রদেশ), বর্ষীয়ান গায়িকা লেইশ্রাম মেমা দেৱী (মণিপুৰ), প্রবীণ জনসংযোগ বিশেষজ্ঞ এল আৰ ছাইলো (মিজোৰাম), প্রকাশক-সম্পাদক তথা সাংস্কৃতিক সংগ্রাহক ড° সূর্যকান্ত হাজৰিকা আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰজনী বসুমতাৰী (অসম)। এই বঁটাত আছে একাৱন্ন হাজাৰ টকাৰ একোখন চে'ক্, একোখন মানপত্ৰ আৰু একোটাকৈ স্মাৰক। 

নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° সমুদ্রগুপ্ত কাশ্যপে সভাপতিত্ব কৰা অনুষ্ঠানত ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ তথা সু-গায়ক সমৰ হাজৰিকাকো সম্বর্ধনা জনোৱা হয়। সভাত অংশগ্ৰহণ কৰি 'ছৰহদ' সংস্থাৰ অন্যতম ন্যাসৰক্ষী অনুজ নাহাৰে তেওঁলোকৰ সংস্থাটোৱে যোৱা প্ৰায় পঁচিশ বছৰে দেশৰ সংঘৰ্ষৰ্জৰ্জৰিত ৰাজ্যসমূহৰ ক্ষতিগ্রস্ত পৰিয়ালবোৰৰ সন্তানসকলৰ শিক্ষা তথা সংস্থাপনৰ হকে কৰা কামৰ খতিয়ান দাঙি ধৰাৰ লগতে অলপতে পুনেত উত্তৰ-পূৰ্বাঞ্চলৰ কাৰণে এটা ছাত্ৰাৱাসৰ উপৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰসাৰৰ হকে এটা নামঘৰ স্থাপন কৰিবলৈ লোৱা বুলিও জনায়।

Share This