লখিমপুৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

dainik janambhumi March 11, 2026

ডিজিটেল ডেস্ক: ৰাজ্যখনত খৰাং পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত কেইবামাহ ধৰি বৰষুণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত চৌদিশে ধূলিৰে আৱৰি ধৰাৰ লগতে এফালৰ পৰা গছ-বন শুকাই যাব ধৰিছে। পানীৰ অভাৱত এতিয়া লখিমপুৰত শ শ হেক্টৰ গছ শুকাই জ্বলি যোৱা কাৰ্যই বাগান কর্তৃপক্ষৰ লগতে ক্ষুদ্র চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। 

বৰষুণৰ অভাৱত এতিয়া লখিমপুৰৰ বিভিন্ন নদ-নদী শুকাই যোৱাৰ লগতে গছ-গছনি আদিও এফালৰ পৰা শুকাই যাব ধৰিছে। উল্লেখনীয় কথা যে বহুদিন ধৰি বৰষুণ নোহোৱাৰ ফলত ৰঙানদী, সোৱণশিৰি আদিৰ পানী অভাৱনীয় হাৰত শুকাই চৌদিশে বালিময় তথা মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। 

লক্ষণীয় কথা যে এনেদৰে কেইবামাহ বৰষুণ নোহোৱাৰ ফলত লখিমপুৰৰ নাতিদূৰৈত থকা ডিজু চাহ বাগানৰ ২৫ শতাংশ চাহ গছেই এতিয়া এফালৰ পৰা শুকাই, জ্বলি যাব ধৰাত বাগান কর্তৃপক্ষ চিন্তিত হৈ পৰিছে। ৫৬০ হেক্টৰ ভূমিৰ চাহ বাগিচাখনত এতিয়া ২৫ শতাংশ চাহ গছ শুকাই যোৱা বুলি কালি বাগান কর্তৃপক্ষই সদৰী কৰে। এনেদৰে সেউজীয়া চাহ বাগিচাসমূহ এতিয়া লঠঙা হৈ পৰাৰ লগতে গছসমূহ মৰি যোৱাত বাগানৰ উৎপাদন অভাৱনীয় হাৰত হ্রাস পাব ধৰিছে। 

বাগান কর্তৃপক্ষই ঠায়ে ঠায়ে জলসিঞ্চনৰ ব্যৱস্থা কৰিছে যদিও সেয়া পর্যাপ্ত নহয়। তদুপৰি জিলাখনৰ একাংশ ক্ষুদ্র চাহ বাগিচাতো একে পৰিস্থিতিৰ সৃষ্টি হোৱাত ক্ষুদ্র চাহ খেতিয়কসকলে মূৰে-কপালে হাত দিবলগা হৈছে।

Share This