ৰাজ্যত গঠন হ'ব সমাজ বিজ্ঞান গৱেষণা পৰিষদ 

dainik janambhumi June 02, 2025

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে অসম সমাজ বিজ্ঞান গৱেষণা পৰিষদ গঠনৰ সিদ্ধান্ত গ্রহণ কৰিছে। দেওবাৰে দিছপুৰত উচ্চ শিক্ষাৰ বহুকেইটা বিষয় সমাধানৰ বাবে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ ৬খন নতুন চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ পদসমূহত অনুমোদন জনোৱাৰ কথা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে সামাজিক মাধ্যমত জানিবলৈ দিয়ে। 

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকতে নতুনকৈ প্রতিষ্ঠিত দহখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে পদ সৃষ্টিৰ সিদ্ধান্তৰ কথাও মন্ত্রী ডাঃ পেগুৱে উল্লেখ কৰে। আনহাতে, মুখ্যমন্ত্ৰীৰ উপস্থিতিত দেওবাৰে আদর্শ বিদ্যালয় সংগঠনৰ প্ৰথমখন পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গুণগত শিক্ষা আৰু সামগ্রিক উন্নয়নক কেন্দ্ৰ কৰি পদক্ষেপবোৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্রকাশ কৰা অনুসৰি বৈদিক গণিত, পৰিৱেশৰ প্ৰতি দায়িত্ববোধ সামাজিকভাৱে সক্রিয়, মানসিক স্বাস্থ্য আদিৰ বাবে গঠনমূলক পদক্ষেপৰ কথা আলোচনা কৰা হয়। 

ভৱিষ্যতৰ বাবে গ্রহণ কৰা পদক্ষেপসমূহৰ ভিতৰত শিক্ষকৰ প্ৰশিক্ষণত কৃত্ৰিম বুদ্ধিমত্তাৰ সংযোজন, বিজ্ঞানৰ প্ৰতি আকর্ষণ বৃদ্ধি কৰিবলৈ জ্যোতির্বিজ্ঞান পৰীক্ষাগাৰ স্থাপন, অনলাইন শিক্ষাৰ প্ৰসাৰ, বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন আদিৰ বিষয়সমূহ আলোচনা কৰা হয়।

Share This