ডিজিটেল ডেস্ক : কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত কালি কার্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক পূৰ্ণ পৰ্যায়ৰ অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া আৰু কাৰ্বি কল্যাণ স্বায়ত্ত পৰিষদখন অতিশীঘ্রে গঠন কৰাৰ দাবীত হাতে হাত জোঁৰ লৈ তীব্র প্রতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসম ভৈয়াম কার্বি আদৰবাৰ সাধাৰণ সম্পাদক অজিত কাঠাৰ, জনজাতি দাবী সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক গুণাৰাম টেৰণ আৰু সমন্বয়ক অমৰ ৰংহাং, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বীৰেন বাংঠাই আৰু সাধাৰণ সম্পাদক কৌশিক ৰংপি, ইউনাইটেড ফ'ৰাম ফৰ লংৰি কিমিৰ মুখ্য আহ্বায়ক ড° কংস ফাংচ আৰু যুটীয়া মখ্য আহ্বায়ক ধীৰেন ইংতি, সংযুক্ত কার্বি নাগৰিক ফ'ৰাম সমন্বয়ক গিৰিধৰ ৰংহাং, জি জি কে ডব্লিউ এছৰ উপ-সভানেত্রী নন্দিতা ৰংহাংপি, কাৰ্বি বাংঠে আছেমৰ বিত্তীয় সম্পাদক নগেন বাংঠাই, কার্বি সাংস্কৃতিক সমাজৰ কাৰ্যকৰী সভাপতি কৰণ সিং ৰংহাংৰ নেতৃত্বত ওলোৱা এই প্রতিবাদী জোঁৰ সমদলত কেইবা শ কার্বি সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে।
সোণাপুৰ ক্ষুদ্র ক্রীড়াংগনৰ পৰা আৰম্ভ কৰা প্রতিবাদকাৰীসকলে হাতত জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰি সোণাপুৰ নতুন বজাৰ হৈ পুনৰ খেলপথাৰত একত্ৰিত হৈ ডিমৰীয়া সমজিলা কার্যবাহী দণ্ডাধীশৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মৰক-পত্ৰ প্ৰেৰণ কৰে। স্মাৰক-পত্ৰৰ জৰিয়তে মুখ্যমন্ত্রীলৈ দাবী জনাই প্রতিবাদকাৰীসকলে কয় যে কার্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক পূর্ণ পৰ্যায়ৰ অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু কাৰ্বি কল্যাণ স্বায়ত্ত পৰিষদখন অতিশীঘ্ৰে গঠন কৰিব লাগে। স্মাৰকখনত উল্লেখ থকা অনুসৰি কাৰ্বি আংলং আৰু ডিমা হাছাও দুয়োখন পাহাৰীয়া স্বায়ত্তশাসিত এলেকাৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলৰ ভাৰতীয় সংবিধান সংশোধন কৰি পূৰ্ণ পর্যায়ত অনুসূচিত জনজাতি হিচাপে স্বীকৃতি পোৱা আৰু তেওঁলোকৰ আৰ্থ-সামাজিক দিশত উন্নয়ন কৰাৰ বাবে দাবী কৰা স্বায়ত্ত শাসনক সন্মান জনাই ইতিমধ্যে কার্বি কল্যাণ স্বায়ত্ত পৰিষদ গঠন কৰাৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াক তেওঁলোকে কৃতজ্ঞতা স্বীকাৰ কৰে। কিন্তু গঠন প্রক্রিয়া অতি লেহেম হোৱাৰ বাবে তেওলোক সকলোৱে উদ্বিগ্নতাৰে বাট চাই আছে আৰু কমিটী গঠনত আমাৰ জাতীয় সংগঠনকো যাতে আস্থাত লয় তাৰ বাবেও দাবী জনায়।
কাৰ্বিসকলৰ অনুসূচিত জনজাতি হিচাপে স্বীকৃত দিয়া বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ উপস্থিতিত কেইবালানিও আলোচনা হয় বিশেষভাবে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰ আৰু ২০২৫ চনৰ ১৭ এপ্ৰিলত ডিফুৰ তাৰালাংচ'ত অনুষ্ঠিত আলোচনাৰ কালত ৩-৪ মাহৰ ভিতৰতে বিষয়টোৰ সমাধান কৰাৰ প্ৰতিশ্রুতি দিছিল। কিন্তু চৰকাৰখনৰ কাৰ্যকাল উকলিবৰ শেষ সময়ত কেনেদৰে কাৰ্যকৰী কৰিব সেই বিষয়ে জানিব পৰা নাই। যদি অতি শীঘ্ৰে যদি চৰকাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্রহণ নকৰে তেনেহ'লে অনাগত দিনত আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলিও প্রতিবাদকাৰীসকলে হুংকাৰ দিয়ে।