নিজৰ নিয়মত উজুটি খোৱা শিক্ষা বিভাগৰ শিক্ষক বদলিৰ এছ অ' পি

dainik janambhumi May 23, 2025

ডিজিটেল ডেস্ক : বিদ্যালয় শিক্ষকৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে নিজেই উলিওৱা নিয়মত এতিয়া নিজেই উজুটি খাবলগীয়া হৈছে। টে'ট পৰীক্ষাৰ যোগেদিয়েই হওক বা আন ধৰণেই হওক, শিক্ষা বিভাগে বাচ-বিচাৰ নকৰাকৈ ৰাজ্যৰ য'তে-ত'তে শিক্ষক নিযুক্তি দিলে। শদিয়া বা তিনিচুকীয়াৰ যুৱক বা যুৱতীগৰাকীক নিযুক্তি দিলেগৈ দক্ষিণ শালমাৰা বা শ্রীভূমিত। লগতে এই নিয়মো বান্ধি দিলে যে এজন শিক্ষকে নির্দিষ্ট জিলাখনত ১০ বছৰ চাকৰি সম্পূৰ্ণ কৰিবই লাগিব। কিন্তু এতিয়া নিজৰ এই নিয়মতে উজুটি খাইছে শিক্ষা বিভাগটোৱে। 

২০ মে'ত স্কুল শিক্ষা বিভাগে প্রাথমিক মাধ্যমিক আৰু সমগ্র শিক্ষা অভিযানৰ অধীনত নিযুক্তি পোৱা শিক্ষকসকলৰ বদলিৰ বাবে যি নির্দেশনা দিছে আৰু এছ অ' পি প্রকাশ কৰিছে তাত উল্লেখ কৰিছে যে একেখন জিলাত ১০ বছৰ চাকৰি কাল সম্পূর্ণ নকৰাকৈয়ে মাধ্যমৰ সমস্যা হোৱা শিক্ষকসকলে বদলিৰ বাবে আবেদন কৰিব পাৰিব। এছ অ' পিখনত উল্লেখ কৰিছে বদলি বিচৰা টে'ট শিক্ষকৰ ক্ষেত্ৰত ভাষা বা মাধ্যমৰ বিসংগতিৰ চৰ্ত। চৰ্ত মতে, টে'টত অবতীর্ণ ভাষা লেংগুৱেজ ৱান, অর্থাৎ কাম কৰি থকা বিদ্যালয়খনৰ ভাষাৰ লগত শিক্ষকৰ ভাষাৰ অমিল হ'ব লাগিব। 

আনহাতে, অনা-টে'ট শিক্ষকসকলৰ বাবে স্কুলত ব্যৱহাৰ হোৱা ভাষা আৰু শিক্ষকজনৰ মেট্ৰিকৰ মাধ্যমত উল্লিখিত অমিল হ'ব লাগিব। আন অর্থত ৰাজ্য চৰকাৰে টে'ট পাতি শদিয়া, তিনিচুকীয়া বা যোৰহাটৰ শিক্ষকজনক শ্রীভূমি বা কাছাৰ, বৰপেটা অথবা ধুবুৰীৰ চৰৰ কোনো বিদ্যালয়ত নিযুক্তি দিলে ঠিকেই কিন্তু এতিয়া সেই বিদ্যালয়ত ছাত্র-ছাত্রীয়ে নুবুজে শিক্ষকৰ ভাষা আৰু শিক্ষকে নুবুজে ছাত্ৰ-ছাত্ৰীৰ ভাষা। যাৰ ফলত এতিয়া উপায়ান্তৰ নোপোৱা শিক্ষা বিভাগটোৱে ১০ বছৰ সম্পূৰ্ণ নোহোৱাকৈয়ে এইসকল শিক্ষকক বদলি কৰিব লগা হৈছে। ২০ মে'ত বিদ্যালয় শিক্ষা বিভাগে শিক্ষকৰ বদলিৰ বাবে যি নির্দেশনা জাৰি কৰিছে এই নির্দেশনাত বদলিকৰণৰ বাবে ইচ্ছুক শিক্ষকসকলক ৩১ মে'ৰ মাজনিশা পর্যন্ত শিক্ষা বিভাগৰ প'ৰ্টেলত অনলাইন যোগে আৱেদন কৰিবলৈ কোৱা হৈছে আৰু ইয়াৰ বাবে এছ অ' পি প্রকাশ কৰিছে। এছ অ' পিত উল্লেখ কৰা মতে, সেইসকল শিক্ষকেহে বদলিৰ বাবে অনলাইন আৱেদন কৰিব পাৰিব যিসকলক বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে স্থায়ী নিযুক্তি দিয়া হৈছিল। এইসকল শিক্ষকে আন্তঃজিলা ছিংগল ট্রেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব যদিহে তেওঁলোকে ঠিকা-ভিত্তিক বা সমগ্র শিক্ষা অভিযানৰ অধীনত নির্দিষ্ট এখন জিলাত ১০ বছৰ চাকৰি সম্পূৰ্ণ কৰিলে। লগতে এছ অ'পিত এই কথাও উল্লেখ কৰা হৈছে যে যিহেতু বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিযুক্তি দিয়া পদবোৰ 'পাৰ্ছনেল', সেয়েহে এনে শিক্ষকক পদৰ সৈতেই বদলি কৰা হ'ব। আনহাতে, এনে শিক্ষকে সাধাৰণ কেটেগৰিত শিক্ষকৰ লগতো পাৰস্পৰিক বদলি কৰিব পাৰিব যদিহে পদটোৰ 'কেটেগৰি' আৰু বিদ্যালয়ৰ মাধ্যম একে হয়। এনেদৰে শিক্ষা বিভাগে বেলেগ বেলেগ শ্ৰেণীৰ শিক্ষকৰ বদলিৰ বাবে এখন দীঘলীয়া এছ অ' পি প্ৰকাশ কৰি উলিয়াইছে। এই বদলিকৰণো সময়ত বুমেৰাং হয়গৈ নেকি সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

Share This