ডিজিটেল ডেস্কঃ প্রস্তুতি সম্পূর্ণ। ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা প্ৰাধিকৰণে অনুমতি দিলেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ উৎপাদন আৰম্ভ হ'ব। প্রথম পৰ্যায়ত তিনিটা ইউনিটৰ জৰিয়তে মুঠ ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব।
ইফালে অহা বছৰৰ পৰা প্ৰকল্পটোৰ পৰা মুঠ ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অসম চৰকাৰে ৰাজ্যখনৰ বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নামনি সোৱণশিৰি প্ৰকল্পৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব বিচাৰিছিল যদিও এন এইচ পি চিয়ে অসমক ২০৮ মেগাৱাট বিদ্যুৎ প্রদানতহে সন্মতি প্রদান কৰিছে। অথচ নামনি সোৱণশিৰি প্ৰকল্পৰ পৰা সৰ্বাধিক ক্ষতি হ'ব অসমৰে। এনে পৰিস্থিতিত প্রকল্প ৰূপায়ণকাৰী সংস্থা এন এইচ পি চিয়ে অসমত বিনামূলীয়াকৈ পর্যাপ্ত বিদুৎ যোগান ধৰিব লাগে যদিও আশ্চর্যজনকভাৱে এন এইচ পি চিয়ে অসমত মাত্র ২৫ মেগাৱাট বিদ্যুতহে প্রদান কৰিব।
অসমত বিনামূলীয়াকৈ মাত্র ২৫ মেগাৱাট বিদ্যুৎ প্রদান কৰাৰ বিপৰীতে কিন্তু অৰুণাচল প্রদেশক বিনামূলীয়াকৈ দিব ২৪০ মেগাৱাট বিদ্যুৎ। মন কৰিবলগীয়া কথা যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ৰূপায়ণ হৈ উঠিলে অসমে পর্যাপ্ত বিদ্যুৎ লাভ কৰিব বুলি অসম চৰকাৰে প্ৰকাশ কৰিছিল, কিন্তু এতিয়া ইয়াৰ ওলোটা ছবি এখনহে দেখিবলৈ পোৱা গৈছে। অসমক ভয়ংকৰ পৰিস্থিতিৰ মাজলৈ ঠেলি দি এন এইচ পি চি কর্তৃপক্ষই নামনি সোৱণশিৰিৰ বিদ্যুতেৰে দেশৰ আন প্ৰান্তৰ পোহৰাব খুজিছে।
ইফালে অসমত অনাগত দিনত বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাটো নিশ্চিত হোৱাৰ পাছতেই শেহতীয়াকৈ এ পি ডি চি এলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ লগতে লৱাৰ কপিলী, শক্তি আদি প্ৰকল্পৰ পৰাও বিদ্যুৎ ক্ৰয় কৰিবলৈ শেহতীয়াকৈ চুক্তি কৰিছে। তদুপৰি ভূটানৰ এটা প্ৰকল্পৰ কৰ্তৃপক্ষৰ লগতো চুক্তি সম্পাদন কৰিছে। এ পি ডি চি এলৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে, অনাগত দিনত মুঠ সাতটা নতুন প্ৰকল্পৰ পৰা এ পি ডি চি এলে ১৭৫৭ মেগাৱাট বিদ্যুৎ ক্রয় কৰিব। ইয়াৰে ভিতৰত নামনি সোৱণশিৰিৰ পৰা ২০৮ মেগাৱাট, শক্তি পলিচিৰ পৰা ৫০০ মেগাৱাট, নামনি কপিলীৰ পৰা ১২০ মেগাৱাট, ভূটানৰ পুনাচাংচু প্ৰকল্পৰ পৰা ১৭৫ মেগাৱাট, এন টি চি পিৰ টালটচাৰ প্ৰকল্পৰ পৰা ১৫৪ মেগাৱাট, এছই চি আই ডব্লিউ এছ হাইব্রীড প্ৰকল্পৰ পৰা ১০০ মেগাৱাট আৰু সৌৰশক্তিৰ জৰিয়তে ৫০০ মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে।
এই সকলোবোৰ নতুন প্ৰকল্পৰ উৎপাদন অহা চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। তথ্য অনুসৰি সম্প্ৰতি অসমত সর্বোচ্চ চাহিদাৰ সময়ত প্রয়োজন হোৱা বিদ্যুতৰ পৰিমাণ ২৮০০ মেগাৱাটলৈ বৃদ্ধি হৈছে। এই পৰিমাণ আগন্তুক দিনত আৰু অধিক বৃদ্ধি হ'ব। সেয়েহে এ পি ডি চি এলে আগতীয়াকৈ বিভিন্ন উৎসৰ প্ৰতিষ্ঠানৰ লগত চুক্তি কৰিবলগীয়া হৈছে বুলি জানিব পৰা গৈছে।