ক্রীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন, ছগৰাকী ক্রীড়াবিদ প্রশিক্ষকক বঁটা প্রদান

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক: ক্রীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ ত্ৰয়োদশ প্রতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা স্কুলীয়া ছাত্র-ছাত্রীসকলৰ মাজত ক্রীড়া বিষয়ক চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হয়। 

ক্রীড়া সংগঠক, ক্রীড়া সাংবাদিক, ক্রীড়ামহীৰূহ পুলিন দাস আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণি এই চিত্রাংকণ প্রতিযোগিতাত অর্ধশতাধিক প্রতিযোগীয়ে অংশগ্রহণ কৰে। প্রতিযোগিতাখন উদ্বোধন কৰে প্ৰবীণ আন্তঃৰাষ্ট্ৰীয় টেনিছ খেলুৱৈ তথা গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাস আৰু বিশিষ্ট সমাজসেৱক ভাস্কৰণ গোহাঞিয়ে। ইয়াৰ পাছতে অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠান। 

জ্যেষ্ঠ ক্রীড়া সাংবাদিক কুমুদ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো ছগৰাকী প্রতিভাৱান খেলুৱৈ ক্রমে চাইক্লিঙৰ দেৱী চাবুকধৰা আৰু আৰ্চাৰীৰ সীতাদিত্য দাসক আপকামিং প্লেয়াৰৰ বঁটা, সাঁতোৰৰ তীর্থাংক পেগু আৰু ভাৰোত্তোলনৰ অভিনৱ গগৈক প্রমিজিং প্লেয়াৰৰ বঁটা প্ৰদান কৰা হয়। এই চাৰিওজনক ২৫ হাজাৰ টকাকৈ চে'ক, প্রশস্তি-পত্র, স্মাৰক, গামোচা আদিৰে সন্মানিত কৰা হয়। 

আনহাতে, স্কোৱাছৰ আয়ান কৌশিক আৰু বক্সিঙৰ প্রিয়াক্ষী গগৈক উদগনি বঁটা তথা বর্ষশ্রেষ্ঠ প্রশিক্ষকৰ বঁটা আৰ্চাৰীৰ সোমেশ চন্দ্ৰ ৰয়লৈ প্ৰদান কৰা হয়। তেওঁলোক প্রত্যেককে ১০ হাজাৰ টকাৰ চে'ক, প্রশস্তি-পত্ৰ, স্মাৰক, গামোচা আদিৰে সন্মানিত কৰা হয়। কালিৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক অংকুৰ ভৰালী, ছাইৰ সহকাৰী সঞ্চালক শম্ভু যাদৱ, বিশিষ্ট সমাজসেৱক পুলক গোস্বামী, বিশিষ্ট ক্রীড়া সংগঠক কল্যাণ কুমাৰ দাস, বিক্ৰাম নুনিছা, ক্রীড়া সাংবাদিক কল্যাণ সন্থাৰ সভাপতি পুলিন সাহা, সাংবাদিক হিলদুল গগৈ, পৱিত্র গগৈ আদি গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। 

আনহাতে, ক্রীড়া চিত্রাংকণ প্রতিযোগিতাৰ 'ক' শাখাত ক্রমে কৰিস্মিতা কলিতাই প্রথম, দিগংগনা কাশ্যপে দ্বিতীয় আৰু ধনশ্ৰী বেজবৰুৱাই তৃতীয় স্থান লাভ কৰে। আনহাতে, 'খ' শাখাত ক্রমে নিষ্ঠা প্রিয়ম শর্মাই প্রথম, এনি কাশ্যপে দ্বিতীয় আৰু নিৰ্জ্জমণি বৰাই তৃতীয় স্থান লাভ কৰে। বঁটাপ্রাপ্ত চিত্রাংকণ প্রতিযোগীসকলক প্রয়াত পুলিন দাসৰ পুত্ৰ কল্যাণ কুমাৰ দাসৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰাইজমানি আৰু বঁটা প্রদান কৰা হয় ।

Share This