শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান অনুষ্ঠান স্থগিত

dainik janambhumi April 24, 2025

ডিজিটেল ডেস্ক : অহা ২৫ এপ্রিলত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া শ্রীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠান স্থগিত ৰখা হৈছে। সাধাৰণ প্রশাসন বিভাগে অনিবার্য কাৰণত এই কাৰ্যসূচী স্থগিত ৰখাৰ বিভাগসমূহক অৱগত কৰিছে। 

উল্লেখযোগ্য যে নৃত্য পটীয়সী সোনাল মানসিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ কাৰ্যসূচীত দেশৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু উপস্থিত থকাৰ কথা আছিল। সাধাৰণ প্রশাসন বিভাগে অনিবার্য কাৰণবশতঃ এই কাৰ্যসূচী স্থগিত ৰখাৰ কথা চৰকাৰীভাৱে উল্লেখ কৰিছে যদিও কালি কাশ্মীৰত সংঘটিত নাৰকীয় আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি মুর্মুৱে ভ্ৰমণ বাতিল কৰাৰ বাবে বঁটা প্ৰদানৰ কাৰ্যসূচী স্থগিত ৰখা বুলি জানিব পৰা গৈছে। 

সাধাৰণ প্ৰশাসন বিভাগৰ জাননীত গৃহ বিভাগৰ সচিব, আৰক্ষী সঞ্চালক প্রধানকে ধৰি অনুষ্ঠানটোৰ লগত জড়িত সংশ্লিষ্ট বিভাগসমূহলৈ লিখা পত্রত বঁটা প্ৰদান অনুষ্ঠানৰ বিষয়ে পৰৱৰ্তী সময়ত জনোৱা হ'ব বুলি উল্লেখ কৰা হৈছে।

Share This