ৰিজার্ভ বেংকৰ এটা নিৰ্দেশৰ পাছত পাঁচ দিন ধৰি বন্ধ ৪৫টা এ টি এম, বৰপেটাত ভাৰতীয় ষ্টেট বেংকৰ হঠকাৰী সিদ্ধান্ত

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : মাঘ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী। এনে সময়ত স্বাভাৱিকতে বিহুৰ বজাৰক লৈ ব্যস্তসকলো। এনে ব্যস্ততাপূর্ণ সময়তে বৰপেটা জিলাৰ বেংকিং ক্ষেত্রখনত সংঘটিত হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। ৰিজার্ভ বেংকৰ এটা নির্দেশনাক কেন্দ্ৰ কৰি বৰপেটা জিলাত বন্ধ হৈ পৰিল ভাৰতীয় ষ্টেট বেংকৰ প্ৰায় ৪৫টা এ টি এম সেৱা। জিলাখনৰ সৰহ সংখ্যাক অঞ্চলত প্রায় চাৰি পাঁচ দিন ধৰি বেংকটোৰ এ টি এম সেৱা বন্ধ হৈ পৰাত গ্রাহকসকলৰ মাজত স্বাভাৱিকতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 

উল্লেখযোগ্য যে ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা মুখ্য শাখাৰ অধীনত থকা জিলাখনৰ হাউলী, ভৱানীপুৰ, সৰুপেটা, কয়াকুছি, বৰপেটা চহৰ, মন্দিয়া, ভেল্লা, নগাঁও, চেঙা, বহৰি, সৰ্থেবাৰী আদি অঞ্চলৰ প্ৰায় ৪৫টা এ টি এম চলি আছিল। এই এ টি এমসমূহ ব্যক্তিগত কোম্পানীয়ে চলাই আছে যদিও ধনৰ লেনদেন ষ্টেট বেংকৰ বৰপেটা মুখ্য শাখাৰ জৰিয়তে লিংক কৰি চলাই থকা হৈছিল। আনহাতে, বিভিন্ন ৰাষ্ট্ৰীয়কৃত আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ প্ৰতিদিনৰ বিত্তীয় লেনদেন ধন ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা মুখ্য শাখাতে জমা ৰখা হৈছিল। এনেক্ষেত্ৰত বেংক আৰু গ্ৰাহকসকলৰ বিত্তীয় লেনদেনত যথেষ্ট সুবিধা হৈছিল। কিন্তু ৰিজার্ভ বেংকৰ এটা নির্দেশনাই সকলো ওলট পালট কৰি দিয়ে। ভাৰতীয় ষ্টেট বেংকৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা ১৮ ডিচেম্বৰত ৰিজার্ভ বেংকৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় কার্যালয়লৈ এটি নির্দেশনা প্ৰেৰণ কৰে। এই নির্দেশটোত বিভিন্ন বেংকৰ শাখাসমূহ এছ বি আই বৰপেটা মুদ্রা বুক (চি চি)ৰ পৰা ডিলিংক কৰি কিছু চৰ্ত আৰু নিয়মৰ অধীনত আৰ বি আইৰ চি চি লিংকেজ আঁচনি অনুসৰি, নিজ নিজ চি চিৰ সৈতে লিংক কৰিবলৈ কোৱা হৈছে। এই নির্দেশ লাভ কৰাৰ পিছতে ভাৰতীয় ষ্টেট বেংকৰ বৰপেটা মুখ্য শাখাত থকা এ টি এম আৰু বিভিন্ন বেংকৰ জমাকৃত ধনৰ সকলো লেনদেন তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছতে এ টি এম আৰু বিভিন্ন বেংকৰ জমাকৃত ধনৰ সকলো বিত্তীয় লেনদেন নিজ নিজ চি চিৰ সৈতে লিংক কৰিবলৈ বৰপেটাৰ'ড শাখালৈ স্থানান্তৰ কৰা হয়। 

সূত্ৰটোৱে জনোৱা মতে, এতিয়াৰে পৰা এ টি এমৰ সকলো লেনদেন ভাৰতীয় ষ্টেট বেংকৰ বৰপেটাৰ'ড শাখাৰ পৰা সম্পন্ন কৰা হ'ব। আনহাতে, বিভিন্ন ৰাষ্ট্ৰীয়কৃত আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ প্রতিদিনৰ বিত্তীয় লেনদেনো বৰপেটাৰ'ড শাখাৰ পৰাই হ'ব। শেহতীয়াভাৱে ভাৰতীয় ষ্টেট বেংকৰ বৰপেটাৰ'ড শাখাত চি চি লিংকেজৰ কাম চলি থকাৰ বাবে জিলাখনৰ সৰহ সংখ্যক এ টি এমৰ লেনদেন বন্ধ হৈপৰিছে বুলিও সূত্রটোৱে জানিবলৈ দিয়ে। ইয়াৰ ফলত জিলাখনৰ হাজাৰ হাজাৰ গ্রাহক প্ৰভাৱিত হয়। চাৰি-পাঁচ দিন ধৰি এ টি এমত ধন নথকাত বিমোৰত পৰিবলগীয়া হৈছে গ্রাহকসকল। গুৰুত্বপূর্ণ বিষয়টো হ'ল যে বেংক কর্তৃপক্ষই বিকল্প ব্যৱস্থা গ্রহণ কৰি আগতীয়াকৈ চি চি লিংকেজৰ কাম সমাপন কৰিলে গ্রাহকসকল হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন। চাৰি-পাঁচ দিন ধৰি এ টি এম বন্ধ কৰি ৰখা বেংক কর্তৃপক্ষৰ এনে কার্যত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰিছে গ্রাহকসকল। গ্রাহকসকলৰ ওচৰত বেংক কর্তৃপক্ষৰ কোনো ক্ষেত্রতে দায়বদ্ধতা নাই বুলিও ক্ষোভ উজাৰিছে বহু লোকে। 

মাঘ বিহুৰ সময়ত এনেদৰে জিলাখনৰ প্ৰায় সংখ্যাক এ টি এম বন্ধ কৰি ৰখা বিষয়টোত ভাৰতীয় ষ্টেট বেংক ঊর্ধ্বতন কর্তৃপক্ষক তৎকালে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে জিলাখনৰ সচেতন গ্রাহকে। ইপিনে, জিলাখনৰ প্ৰায় সংখ্যক এ টি এমৰে জৰাজীৰ্ণ ৰূপ বুলিও অভিযোগ কৰিছে গ্রাহকসকলে। প্রায় সংখ্যক এ টি এম অস্বাস্থ্যকৰ পৰিৱেশত ৰখা হৈছে। শীততাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই। প্রায় সংখ্যক জৰাজীৰ্ণ আৰু চাফ-চিকুণৰ ব্যৱস্থা নাই বুলি অভিযোগ উত্থাপন কৰিছে গ্রাহকসকলে। এইক্ষেত্রত ঊর্ধ্বতন কর্তৃপক্ষক ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৰাইজে।

Share This