ষ্টেট বেংকৰ 'পেঞ্চন প্রচেছিং চেণ্টাৰ' কলকাতালৈ স্থানান্তৰৰ ষড়যন্ত্র

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্ক : চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ পাছত পেঞ্চনৰ কাম-কাজ সম্পাদনৰ বাবে অসম তথা উত্তৰ-পূবৰ বাবে গুৱাহাটীৰ লখৰাত থকা ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখাটো (চেন্ট্রেলাইজ পেঞ্চন প্রচেছিং চেণ্টাৰ) কলকাতালৈ স্থানান্তৰ কৰাৰ ষড়যন্ত্র চলিলে। উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূবৰ ৰাজ্যসমূহৰ হাজাৰ হাজাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চনৰ আসোঁৱাহ থাকিলে গুৱাহাটীলৈ আহি এই শাখাটোত সমাধান কৰিছিল। এতিয়া পেঞ্চন লাভৰ সময়ত হোৱা সৰু-সুৰা সমস্যা সামাধনৰ উপায় বিচাৰি অসম তথা উত্তৰ-পূবৰ চৰকাৰী কৰ্মচাৰীসকলে গুৱাহাটীৰ পৰিৱৰ্তে ঢাপলি মেলিব লাগিব কলকাতালৈ। 

উত্তৰ-পূবত কেৱল গুৱাহাটীতে ষ্টেট বেংকৰ এই চেন্ট্রেলাইজড পেঞ্চন প্রচেছিং চেণ্টাৰটো (চি পি পি চি) আছে। উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰো তিনিচুকীয়া, জোনাই, বৰাকৰ সোণাই, ৰাতাবাৰী আদি দূৰ-দূৰণিৰ পৰা পেঞ্চন সম্পৰ্কত থকা আসোঁৱাহ দূৰ কৰিবলৈ গুৱাহাটীলৈ অৱসৰী কৰ্মচাৰীসকলে ঢাপলি মেলিবলগীয়া হৈছিল। এতিয়া অৱসৰী কৰ্মচাৰীসকল কলকাতালৈ যাবলগীয়া কৰিব ভাৰতীয় ষ্টেট বেংকে। বহু বেংক আছে যদিও চৰকাৰী কৰ্মচাৰীসকলৰ সৰহসংখ্যকৰে বেংক একাউন্ট আছে ভাৰতীয় ষ্টেট বেংকৰ বিভিন্ন শাখাত।‌ পেঞ্চন সংক্রান্তীয় কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ পেঞ্চন শাখাৰ কাম-কাজ গুৱাহাটীৰ লখৰাত অৱস্থিত কার্যালয়ত সুন্দৰভাৱে বহুদিনৰ পৰা সম্পাদন হৈ আছিল। যাৰ ফলত অসমৰ লাখ লাখ অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰীৰ পেঞ্চন সংক্রান্তীয় আসোঁৱাহসমূহ দূৰ কৰাৰ সুবিধা হৈ আছে। জানিব পৰা মতে উক্ত শাখাটো কলকাতালৈ স্থানান্তৰিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও সিদ্ধান্ত চূড়ান্ত কৰিছে ভাৰতীয় ষ্টেট বেংকে। ফলত বেংকত উদ্ভৱ হোৱা বিভিন্ন আসোঁৱাহ সংশোধনীৰ বাবে কলকাতালৈ যাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব আৰু অসম চৰকাৰৰ পেঞ্চনাৰসকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব। 

ভাৰতীয় ষ্টেট বেংকৰ উক্ত শাখাটো অসমতে ৰখাৰ বাবে বিধিগত ব্যৱস্থা গ্রহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। পৰিষদে বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক এক স্মাৰক-পত্ৰ প্ৰদান কৰে। ভাৰতীয় ষ্টেট বেংকৰ উক্ত শাখাটো কলকাতালৈ স্থানান্তৰিত হ'লে অসমৰ লাখ লাখ অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰী ব্যাপকভাৱে ক্ষতিগ্রস্ত
হ'ব। এইক্ষেত্রত আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দই ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীস্থিত স্থানীয় মুখ্য কার্যালয়ত মুখ্য সাধাৰণ প্ৰৱন্ধকক সাক্ষাৎ কৰি কাৰ্যালয়টো স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনাব বুলি এই বিবৃতিৰ জৰিয়তে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শর্মা আৰু সম্পাদক প্রধান পংকজ বর্মনে জানিবলৈ দিছে।

Share This