যুদ্ধৰ সময়ত মিতব্যয়ী হ'ব ৰাজ্য চৰকাৰ, মন্ত্ৰী-বিষয়াৰ অপ্রয়োজনীয় ভ্রমণ বন্ধ

dainik janambhumi May 11, 2025

ডিজিটেল ডেস্ক : এই সময় হৈছে ভাৰতীয় সেনাৰ সৈতে থিয় দিয়া আৰু তেওঁলোকৰ প্ৰতিটো কাম-কাজক প্ৰেৰণা যোগোৱাৰ সময়। সেয়েহে যুদ্ধ চলি থকা পৰিৱেশলৈকে ৰাজ্য চৰকাৰখন মিতব্যয়ী হ'ব। এই সময়ছোৱাত ৰাজহুৱাকৈ আলোচনা-চক্র, কর্মশালা আদি অনুষ্ঠিত কৰি চৰকাৰে ধন ব্যয় নকৰে। আনহাতে কোনো মন্ত্রী আৰু বিষয়া চৰকাৰী খৰচত বিদেশ ভ্রমণ নকৰে বা অপ্রয়োজনীয়ভাবে বহিঃৰাজ্য ভ্ৰমণ কৰিবলৈকো নাযায়। যুদ্ধ চলি থকালৈকে আৰক্ষী আৰু সেনাৰ বাহিৰে ৰাজ্য চৰকাৰে কাৰো বাবে গাড়ী ক্রয় নকৰে। ডাঙৰ গণ সমাবেশ বা সভা পতাৰ পৰা বিৰত থাকিব ৰাজ্য চৰকাৰখন। আনকি বিষয়াসকল অনানুষ্ঠানিক ভ্রমণৰ পৰাও বিৰত থাকিব লাগিব আৰু তেওঁলোক নিযুক্তিপ্রাপ্ত স্থানতে থাকিব লাগিব। 

দেশৰ সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰি এখন বিশেষ জাননী জাৰি কৰিছে। লোকসেবা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চৰকাৰখনে গ্রহণ কৰা এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰি কয় যে ৰাজ্য চৰকাৰে আয়োজন কৰিবলগীয়া সকলো আলোচনা-চক্র, কর্মশালা, স্মাৰক অনুষ্ঠান, সম্বর্ধনা, উদ্বোধন আদি কাৰ্যসূচী পিছুৱাই দিয়া হ'ব। একেদৰে বাহন, আচবাব বা কাৰ্যালয়ৰ আন্তঃগাঁথনি বা আচবাব ক্রয় কৰা নহ'ব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পর্কিত নহ'লে ডাঙৰ সমাবেশ বা আন সভাসমূহো পিছুবাই দিয়া হ'ব। আনহাতে বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰতো চৰকাৰখন মিতব্যয়ী হ'ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী আঁচনি বা চৰকাৰৰ সাফল্যৰ হর্ডিং, বিজ্ঞাপন আদি আমি নিদিওঁ। যিমানকেইখন চৰকাৰৰ হৰ্ডিং আছে উক্ত হর্ডিংকেইখন দেশপ্রেমমূলক কথাৰে পূৰ্ণ কৰি দিয়া হ'ব। ৰাজহুৱা তথ্যৰ প্ৰচাৰত বিশেষভাৱে প্রয়োজনৰ বাদে কোনো প্রিন্টিং বা প্ৰচাৰ সামগ্ৰী, বিজ্ঞাপন বা দৃশ্য-শ্রাব্য সমল প্রস্তুত কৰা নহ'ব। 

বিষয়াসকলে অতি প্রয়োজন নহ'লে কোনো প্রশিক্ষণৰ বাবে যাব নোৱাৰিব। অৱশ্যে চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল কৰা নহয়। 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল কৰা নহয় যদিও প্রয়োজন সাপেক্ষে (প্রসূতি আৰু চিকিৎসাৰ বাহিৰে) ছুটীত যোৱা কৰ্মচাৰীসকলক মাতি অনা হ'ব। তেওঁলোক ২৪ ঘণ্টাৰ ভিতৰত কৰ্মত নিযুক্ত হ'ব পৰাকৈ উপলব্ধ থাকিব লাগিব। ৰক্তদানৰ ক্ষেত্ৰতো চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে বিশেষকৈ সহজলভ্য নোহোৱা গ্ৰুপৰ ৰক্তদাতাসকলৰ এখন তালিকা প্ৰস্তুত কৰা হ'ব। যাতে প্রয়োজন হ'লে অসমৰ পৰাও বহিঃৰাজ্যলৈ তেজ প্ৰেৰণ কৰিব পাৰে। ইয়াৰ উপৰি হস্পিটেলসমূহত আই চি ইউৰ লগতে চিকিৎসক, নাৰ্ছ আদি হিচাপ মতে আছে নে নাই সেয়াও পৰীক্ষা কৰা হ'ব। যাতে প্রয়োজন হ'লে অসমে বহিঃৰাজ্যলৈ চিকিৎসক, নাৰ্ছ প্ৰেৰণ কৰিব পাৰে। ইফালে সেনা বাহিনীৰ বাবে গ্রহণ কৰা কেতবোৰ পদক্ষেপৰ কথা ব্যক্ত কৰি ড° শৰ্মাই কয় যে উত্তৰ-পূবত সেনাৰ এটা ডাঙৰ আন্তঃগাঁথনি আছে। অঞ্চলটোত সদায়ে সেনাৰ অহা-যোৱা চলি থাকে। সেয়েহে জিলা প্ৰশাসনক সেনাৰ সৈতে যোগাযোগত থাকিবলৈ কোৱা হৈছে। যাতে কোনো অসুবিধা হ'লে সেই সমস্যা লগে লগে সমাধান কৰিব পৰা যায়। সেনা আৰু বায়ু সেনা কেম্পৰ কাষত থকা লোকসকলক সজাগ কৰি তোলাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ'ব। আনহাতে এই সময়খিনিত সেনাৰ জোৱানসকল প্রথম শাৰীত আছে বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সেনাৰ জোৱান বা বিষয়াসকলক ঘৰুৱা সমস্যাই যাতে অসুবিধাত নেপেলায় তাৰ বাবে এক বিশেষ ব্যবস্থা কৰা হৈছে। অহা সাতদিনৰ ভিতৰত জিলা প্রশাসনে নিজ নিজ জিলাত থকা সেনাসকলৰ এখন তালিকা প্রস্তুত কৰি তেওঁলোকৰ ঘৰলৈ গৈ খবৰ ল'ব। আমি এটা ডিস্ট্রিক কন্ট্রল কম স্থাপন কৰা হ'ব যাতে তেওঁলোকৰ কিবা সমস্যা হ'লেই সহায় কৰিব পৰা যাব। ইয়াৰ বাবে এটা সহায়কাৰী দলো থাকিব। সেনা বিষয়া, জোৱানসকলৰ ঘৰুৱা সমস্যা অসম চৰকাৰে সমাধান কৰিব বুলি জনাই মুখ্যমন্ত্রীয়ে কয় যে যুদ্ধত থকা লোকজন যাতে মানসিকভাবে সবল হৈ থাকে। তেওঁলোকক যাতে ঘৰুৱা সমস্যাই আমনি নকৰে তাৰ বাবেই এই পদক্ষেপ গ্রহণ কৰা হৈছে।

Share This