ডিজিটেল ডেস্ক : প্রদেশ কংগ্ৰেছৰ আন এক মোক্ষম আঘাত। প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে তেওঁৰ লগতে দলটোক অধিক শ'লঠেকত পেলাই নির্বাচনী প্ৰচাৰ সমিতিৰ উপাধ্যক্ষ, জ্যেষ্ঠ মুখপাত্র ড° সঞ্জু বৰুৱাই পদত্যাগ কৰিছে। গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ আনি যুৱ নেতা ড° সঞ্জু বৰুৱাই কালি দিল্লীত পদত্যাগ কৰে। সভাপতি গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই যি অভিযোগ আনিছে তাৰ পতিয়নযোগ্য প্রত্যুত্তৰ দিব নোৱাৰাটো মুখপাত্ৰজনে পদত্যাগ কৰাৰ কাৰণ হিচাপে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ উত্তৰ হিচাপে কালি গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত দিয়া সংবাদমেলৰ পাছতে তেওঁ পদত্যাগ কৰে।
তেওঁ কালি নতুন দিল্লীত এ আই চি চিৰ অধ্যক্ষ মল্লিকার্জুন খৰ্গেৰ হাতত নিজৰ পদত্যাগ-পত্ৰখন দাখিল কৰে। উল্লেখযোগ্য যে অত্যন্ত মেধাসম্পন্ন যুৱক হিচাপে জনাজাত সঞ্জু বৰুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকো আছিল। তৰুণ গগৈৰ কাৰ্যকালত প্রদেশ কংগ্রেছত যোগ দিয়া সঞ্জু বৰুৱাই বিগত একাধিক নির্বাচনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছিল। ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচন আৰু বিগত লোক সভাৰ নিৰ্বাচনত তেওঁৰ নাম প্রার্থী হিচাপে চর্চাও চলিছিল।
শেহতীয়াকৈ তেওঁক দলৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ উপাধ্যক্ষৰ লগতে দলৰ জ্যেষ্ঠ মুখপাত্র হিচাপেও দায়িত্ব অর্পণ কৰা হৈছিল। প্রণিধানযোগ্য যে সঞ্জু বৰুৱাৰ পিতৃ দিলীপ বৰুৱাও কংগ্ৰেছৰ এজন প্রবীণ নেতা। তেওঁ বিগত প্রায় চাৰিটা দশকধৰি কংগ্ৰেছ দলত সেৱা আগবঢ়াইছিল। লক্ষণীয়ভাৱে দিলীপ বৰুৱায়ো দেওবাৰে একে অভিযোগ উত্থাপন কৰি আৰু গৌৰৱ গগৈক এজন অপৰিপক্ক নেতা আখ্যা দি দলৰ পৰা পদত্যাগ কৰিছিল।