ডিজিটেল ডেস্ক : বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত পুনৰ একত্ৰিত হৈছে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহ। এইবাৰ বিৰোধী দলসমূহক একত্ৰিত কৰাত আগভাগ লৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কালি ৰাজ্যৰ ৭টা বিৰোধী দলৰ নেতা একত্রিত হৈ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্রায় ২ ঘণ্টাজোৰা বৈঠকৰ অন্তত নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্র সিং আৰু অসম প্রদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত সভাপতি গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছ দলৰ আহ্বানক্রমে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আঞ্চলিক গণ মর্চা, চি পি এম, চি পি আই, চি পি আই এম এল আৰু এ পি এইচ এল চিৰ সভাপতি আৰু ৰাজ্যিক সম্পাদকসকলৰ লগত এলানি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিজেপি দল আৰু চৰকাৰৰ অন্যায়-অত্যাচাৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুর্নীতি-অপশাসনৰ পৰা অসমবাসীক মুক্ত কৰিবলৈ বিজেপি বিৰোধী এখন চৰকাৰ গঠন কৰাৰ বাবে সকলোৱে ঐকমত্যত উপনীত হৈছে। পৰৱৰ্তী সময়ত বিৰোধী দলসমূহৰ মাজত হোৱা আলোচনাৰ কথা অৱগত কৰা হ'ব বুলিও কয় গগৈয়ে। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে কয়- 'হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হৈ অসমত এখন নতুন ৰাইজৰ চৰকাৰ গঠন কৰা হ'ব। আনহাতে, বিধায়ক মনোৰঞ্জন তালুকদাৰ, বিধায়ক অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি গোট খোৱা আটাইকেইটা দলে একত্রিতভাৱে ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰে। বিশেষকৈ জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয়, 'আমি নীতিগতভাৱে আগন্তুক বিধানসভা নির্বাচনত ঐক্যবদ্ধভাবে খেলাৰ সিদ্ধান্ত লৈছোঁ। আমি যুঁজিম আৰু জয়ী হ'ম। অনাগত দিনত ৰূপৰেখা তথা ৰণকৌশল প্ৰস্তুত কৰা হ'ব বুলি জনাই তেওঁ লগতে কয় যে বিজেপিক পৰাভূত কৰাটো অসমৰ জনগণৰ প্ৰতি থকা আমাৰ দায়িত্ব। আনহাতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, গণ বিৰোধী এই চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰি অসমৰ ৰাইজে কেউফালে প্রার্থনা কৰিছে। এতিয়া আমি ঐক্যবদ্ধ হৈ ৰাইজৰ কাষত থাকি তেওঁলোকক বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগে। এয়াই হৈছে আজিৰ তাৰিখত আমাৰ মূল লক্ষ্য। অসমীয়া জাতিৰ বাবে বিজেপি চৰকাৰখন বোজা হৈ পৰিছে বুলি জনাই তেওঁ লগতে কয় ড° হিমন্ত বিশ্ব শর্মা অসমীয়া জাতিৰ বাবে ঘাতকত পৰিণত হৈছে। সেয়েহে আমি আজি সকলোৱে একত্ৰিত হৈ নির্বাচন খেলাই নহয় এখন নতুন অসম গঢ়াৰ কথাও চিন্তা-চৰ্চা কৰা হৈছে। ৰামধেনু সদৃশ এক মিত্রতা হ'ব বুলি জনাই তেওঁ লগতে কয় যে অহা ১৮ নৱেম্বৰত এখন সন্মিলন অনুষ্ঠিত হ'ব। এইবাৰ আমাৰ দলবোৰৰ মাজত কোনো ভুল বুজাবুজি নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
উল্লেখযোগ্য যে, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকখনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাথে, মনোজ চৌহান উপস্থিত থাকে। বৈঠকখনত অংশগ্ৰহণ কৰা বিৰোধী দলৰ নেতাসকল হৈছে সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চি পি এম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰ, চি পি আই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ, চি পি আই-এম দলৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু এ পি এইচ এল চি দলৰ বিক্ৰম হাঞ্চে। বৈঠকত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনেও অংশগ্রহণ কৰে।