ঠিকাদাৰ নিম্নমানৰ কাম: নিশা অন্ধকাৰত ডুব যায় মৰিগাঁও চহৰ, ছমাহতেই বিকল পথৰ ষ্ট্ৰীট লাইট

dainik janambhumi March 15, 2026

ডিজিটেল ডেস্ক: মৰিগাঁও চহৰৰ অতি ব্যস্ততাময় গৌৰৱ পথটোত নিশা হ'লেই অন্ধকাৰত ডুব যোৱা ঘটনাই মৰিগাঁও চহৰত ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে। উন্নয়ন আৰু বিকাশৰ দাবী কৰি অহা শাসকীয় বিজেপি চৰকাৰৰ দিনত প্রায় দুই কোটি টকাৰ ব্যয়ৰে পুনঃনির্মাণ আৰু সম্প্ৰসাৰণ কৰা গৌৰৱ পথটোত নিশা এন্ধাৰে বিৰাজ হৈ থাকে। 

উল্লেখযোগ্য যে মৰিগাঁও-জাগীৰোড সংযোগী ৰাজ্যিক ঘাইপথৰ পৰা মৰিগাঁও জিলা আয়ুক্ত কার্যালয় সংযোগী 'গৌৰৱ পথ'টোত থকা ৩৪টা ষ্ট্ৰীট লাইটেই সম্প্রতি বিকল হৈ আছে। জানিব পৰা অনুসৰি, মুখ্যমন্ত্ৰীৰ নগৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ২.১১ কোটি টকা ব্যয়ৰে উক্ত পথটো পুনঃনির্মাণ আৰু সম্প্ৰসাৰণৰ কাম জনৈক নাহাটা নামৰ অনা অসমীয়া ঠিকাদাৰৰ জৰিয়তে সম্পন্ন কৰিছিল লোক নির্মাণ (পথ) বিভাগৰ মৰিগাঁও সংমণ্ডলে। 

২০২৪ চনৰ ৫ মাৰ্চত আধাৰশিলা স্থাপন কৰাৰ পাছত ২০২৫ চনৰ অক্টোবৰ মাহত নির্মাণ কার্য সম্পূর্ণ হয়। উক্ত গৌৰৱ পথ জিলিকাই তুলিবলৈ ৩৪টাকৈ ষ্ট্ৰীট লাইট স্থাপন কৰি বৈদ্যুতিক সংযোগ কৰিছিল। উক্ত পথটোক লৈ মৰিগাঁও চহৰ তথা মৰিগাঁও জিলাখনত উন্নয়নৰ গংগা বোৱাবলৈ সক্ষম হোৱা বুলি শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক তথা নেতা-পালিনেতাসকলে গৌৰৱ কৰিবলৈ সক্ষম হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে উক্ত বিকাশৰ চিকমিকনি এটা মাহো স্থায়ী নহ'ল। কিয়নো এটা মাহৰ পাছতেই উক্ত দুই কোটি টকীয়া গৌৰৱ পথৰ ষ্ট্ৰীট লাইটসমূহ এটা এটাকৈ বিকল হ'বলৈ ধৰে আৰু দুটা মাহ পূর্বে উক্ত গৌৰৱ পথত স্থাপন কৰা ৩৪টা ষ্ট্ৰীট লাইটৰ সকলোবোৰ বিকল হৈ পৰে। স্থানীয় সচেতন নাগৰিকে প্ৰকাশ কৰা অনুসৰি ঠিকাদাৰ নিম্নমানৰ লাইট সংস্থাপন কৰাৰ বাবে উক্ত দুই কোটি পথৰ ষ্ট্রীট লাইটসমূহ এটা মাহৰ পাছতেই বিকল হ'বলৈ ধৰে। অৱশ্যে দুটা মাহতেই সকলোবোৰ লাইট বিকল হোৱাৰ পাছত ঠিকাদাৰগৰাকীয়ে আটাইকেইটা ষ্ট্ৰীট লাইট এৰুৱাই লৈ যায় যদিও আজিকোপতি সংস্থাপন নকৰাত জিলাখনৰ একমাত্র ভি আই পথটো নিশা হ'লেই অন্ধকাৰে আগুৰি ধৰে। 

উল্লেখযোগ্য যে মৰিগাঁও-জাগীৰোড সংযোগী ৰাজ্যিক ঘাইপথৰ পৰা মৰিগাঁও জিলা আয়ুক্ত কার্যালয় সংযোগী উক্ত 'গৌৰৱ পথ' যদিও মৰিগাঁও পৌৰসভাৰ এলেকাধীন কিন্তু ৰহস্যজনকভাৱে উক্ত পথটো নিৰ্মাণ কৰিছিল লোকনিৰ্মাণ বিভাগৰ (পথ) মৰিগাঁও সংমণ্ডলে। আনহাতে, নির্মাণ সম্পন্ন হোৱাৰ এটা মাহৰ পাছতেই কোটি টকীয়া পথৰ ষ্ট্ৰীট লাইটসমূহ বিকল হোৱা ঘটনাই সংশ্লিষ্ট ঠিকাদাৰৰ নিম্নমানৰ কামকেই আঙুলিয়াইছে সচেতন নাগৰিকে। এইক্ষেত্ৰত মৰিগাঁও চহৰৰ গৌৰৱ পথৰ বিকল হোৱা ষ্ট্ৰীট লাইটসমূহ পুনৰ কাৰ্যক্ষম কৰাৰ বাবে মৰিগাঁও জিলা প্রশাসন আৰু মৰিগাঁও লোকনির্মাণ পথ সংমণ্ডল বিভাগক দাবী জনাইছে মৰিগাঁৱৰ সচেতন নাগৰিকে।

Share This