ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ১৪ ফেব্ৰুৱাৰীৰ ভ্ৰমণৰ পূৰ্বে কালি ডিব্ৰুগড়ৰ মৰাণৰ আকাশ কঁপাই ভাৰতীয় বায়ুসেনাৰ ছুখয়-৩০ আৰু ৰাফেল যুঁজাৰু বিমানে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জৰুৰীকালীন অৱতৰণ ক্ষেত্রত (ই এল এফ) পৰীক্ষামূলক উৰণ আৰম্ভ কৰে। এই ঐতিহাসিক আকাশী দৃশ্য প্রত্যক্ষ কৰিবলৈ স্থানীয় লোকৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। মৰাণত বিশেষভাৱে নির্মিত ৪.২ কিল'মিটাৰ দৈৰ্ঘ্যৰ ঘাইপথৰ এই এয়াৰষ্ট্ৰিপত ছুখয়-৩০, ৰাফেল, থলুৱা তেজস যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ এ এন-৩২ (Antonov AN-32) পৰিবহণ বিমানে অৱতৰণ আৰু উৰণৰ কৌশল প্ৰদৰ্শন কৰে। সামৰিক বিমানসমূহৰ এই শক্তি প্রদর্শন চাবলৈ শশ দৰ্শকে ভিৰ কৰে।
১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নির্মিত এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখনৰ কাষত ছাত্র-ছাত্রী, শিশু আৰু স্থানীয় বাসিন্দাসকলে সমবেত হৈ হাত জোকাৰি আনন্দ প্রকাশ কৰে। এটাৰ পাছত এটাকৈ বিমানে ঘাইপথত চুই পুনৰ নীল আকাশলৈ উৰা মৰা দৃশ্যই সকলোকে মোহিত কৰে। বুধবাৰৰ পৰা আৰম্ভ হোৱা আৰু ১৩ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই পৰীক্ষামূলক উৰণসমূহ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ অন্তিম প্ৰস্তুতিৰ অংশ। উল্লেখযোগ্য যে এই ভ্রমণকালত প্রধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে বায়ুসেনাৰ আকাশী প্রদর্শনীও প্রত্যক্ষ কৰিব। যোৱা সপ্তাহত স্থানটো পৰিদৰ্শন কৰা অসমৰ মুখ্য সচিব ৰবি কোটাই স্থানীয় লোকসকলক এই পৰীক্ষামূলক উৰণসমূহ চাবলৈ উৎসাহিত কৰিছিল। ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত এখন প্রস্তুতি সভাত কোটাই কৈছিল, 'এইটো এই অঞ্চলটোৰ বাবে এক ঐতিহাসিক আৰু বিৰল অভিজ্ঞতা হ'ব। মই স্থানীয় ৰাইজক, বিশেষকৈ ছাত্র-ছাত্রী আৰু শিশুসকলক এই পৰীক্ষামূলক উৰণ আৰু মূল অনুষ্ঠানটো চাবলৈ আহ্বান জনাইছোঁ, কাৰণ এয়া এক আপুৰুগীয়া অভিজ্ঞতা হ'ব।' এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন ভাৰতীয় বায়ুসেনাৰ বাবে এক গুৰুত্বপূর্ণ কৌশলগত মাইলৰ খুঁটি। জৰুৰীকালীন অৱস্থা বা যুদ্ধৰ সময়ত যদি পৰম্পৰাগত বিমানবন্দৰসমূহ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে, তেন্তে এই বিকল্প ৰানৱে সামৰিক বিমানৰ বাবে অত্যন্ত ফলপ্রসূ হ'ব। ১৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী মোদীৰ বিমানে মৰাণৰ এই ইন এল এফত পোনপটীয়াকৈ অৱতৰণ কৰি এক ইতিহাস ৰচনা কৰিব।
উত্তৰ-পূব ভাৰতত এগৰাকী প্ৰধানমন্ত্ৰীৰ বিমান ঘাইপথৰ এয়াৰষ্ট্ৰিপত অৱতৰণ কৰা এয়াই হ'ব প্রথম ঘটনা। ইয়াৰ পাছতে মোদীয়ে কেন্দ্রটো উদ্বোধন কৰিব আৰু বৰ্তমান পৰীক্ষামূলকভাৱে চলি থকা বিমানসমূহৰ আকাশী প্রদর্শনী প্রত্যক্ষ কৰিব। পৰীক্ষামূলক উৰণ আৰু মূল অনুষ্ঠানটোৰ সুচাৰু পৰিচালনাৰ বাবে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান-বাহনসমূহ ৬ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ মৰাণ চহৰ হৈ পুৰণি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডাইভার্ট কৰা হৈছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু আৰক্ষী অধীক্ষক অভিজিৎ গুৰভে বায়ুসেনাৰ বিষয়াৰ সৈতে সমগ্ৰ প্ৰক্ৰিয়াটো তদাৰক কৰি আছে।
আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। 'প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত সকলো নিৰাপত্তা ব্যৱস্থা আৰু ড্রিল পৰীক্ষা কৰা হৈছে। অনুষ্ঠানটো সুৰক্ষিত আৰু সফল কৰিবলৈ আমি কোনো ধৰণৰ ক্ৰটী ৰাখিব বিচৰা নাই,' এছ এছ পি গুৰভে কয়। পৰীক্ষামূলক উৰণৰ সফল সমাপ্তিয়ে এই বৃহৎ উদ্বোধনৰ পথ প্রশস্ত কৰিব আৰু ভাৰতৰ কৌশলগত বিমান আন্তঃগাঁথনিত মৰাণৰ নাম সোণোৱালী আখৰেৰে খোদিত কৰিব।