শ্ৰোতাৰ হৃদয়ত বহু কালজয়ী গীতৰ সুৰ থৈ সুমন কল্যাণপুৰৰ বিদায়

dainik janambhumi June 02, 2026

ডিজিটেল ডেস্ক : 'আকাশৰে নীলাই পৃথিৱী সাবটে, জোনাকে সাবটে সাগৰ...' এটা সময়ত ৰেডিঅ'ত সম্প্ৰচাৰিত এই গীতে প্ৰতি গৰাকী অসমীয়াৰে মন-প্রাণ আলোড়িত কৰি তুলিছিল। বহু কালজয়ী অসমীয়া গীতত কণ্ঠদান কৰা ভাৰতীয় সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ গায়িকাগৰাকী পিছে অসমীয়া নাছিল। কিন্তু তেওঁৰ গোৱা অসমীয়া গীতে সহস্ৰজনৰ হৃদয় স্পর্শ কৰিছিল। 


প্ৰজন্মৰ পাছত প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰখা এইগৰাকী পদ্মভূষণ বঁটা বিজয়ী গায়িকা সুমন কল্যাণপুৰ আৰু নাই। ৮৯ বছৰ বয়সত সকলোকে কন্দুৱাই দেওবাৰে তেওঁ ইহ-সংসাৰ ত্যাগ কৰে। হিন্দী, মাৰাঠী, বাংলা, উড়িয়াৰ লগতে অসমীয়া ভাষাত কণ্ঠদান কৰা সুমন কল্যাণপুৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৈতে অসমীয়া ভাষাত বহুকেইটা কালজয়ী গীতত কণ্ঠ নিগৰাইছিল। তেওঁৰ মৃত্যুত অসমতো শোকৰ ছাঁ পৰিছে। 

উল্লেখযোগ্য যে ১৯৬৪ চনত মুক্তি লাভ কৰা অসমীয়া ছবি 'প্রতিধ্বনি'ৰ 'অয় অয় আকাশ শুব...' শীর্ষক গীতত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে। সংগীত সূর্য ড° ভূপেন হাজৰিকাৰ কথা, সুৰৰ এই গীতটোৱে সেই সময়ত ইমানেই জনপ্রিয়তা লাভ কৰিছিল যে তাৰ পিছত তেওঁ অসমীয়া গীতত কণ্ঠদান কৰাৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হোৱা নাছিল। ইটোৰ পাছত সিটো হিট গীত তেওঁ অসমবাসীক উপহাৰ দি গৈছিল। ১৯৬৯ চনত মুক্তিপ্রাপ্ত অসমীয়া ছবি 'চিকমিক বিজুলী'ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৈতে তেওঁ 'মিলনৰে এই শুভ ক্ষণ...' শীর্ষক গীতত কণ্ঠদান কৰিছিল। এইখন ছবিখতে তেওঁ 'বিজুলীৰ পোহৰ মোৰ নাই...' শীর্ষক গীতটোত কণ্ঠ নিগৰাইছিল। 

উল্লেখযোগ্য যে ১৯৭৩ চনত মুক্তিলাভ কৰা তথা 'মুক্তি' ছবিখনত জিতু-তপনৰ সংগীত আৰু সুৰ দিয়া 'সত্যম শিৱম চিৰ সুন্দৰ...' শীর্ষক গীতটিত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে। ১৯৭৫ চনত মুক্তি পোৱা 'কাঁচঘৰ' ছবিখনৰ 'জীৱন ঘড়ীৰ প্ৰতিটো পল' শীর্ষক গীতটিত কণ্ঠদান কৰি তেওঁ অসমৰ ৰাইজৰ বুকুৰ আপোন হৈ পৰিছিল। এই জনপ্রিয় গীতটিৰ কথা আছিল ভূপেন হাজৰিকাৰ, সংগীত পৰিচালনা কৰিছিল জিতু-তপনে। ইয়াৰ পাছত ১৯৮১ চনত 'পোনাকণ' নামৰ ছবিখনত কুমাৰ ৰঞ্জনে সুৰ আৰু সংগীত কৰা 'আকাশৰে নীলাই পৃথিৱী সাবটে...' আৰু 'ফুল ভৰা ফুলনীৰ কি যে মিঠা হাঁহি...' অ' অহা তুমি আহা.. গীতটিত কণ্ঠদান কৰিছিল। ইয়াৰে অ' অহা তুমি আহা... গীতটিত তেওঁ পুলক বেনাৰ্জীৰ সৈতে কণ্ঠ নিগৰাইছিল। 

১৯৮১ চনত মুক্তিলাভ কৰা অসমীয়া ছবি 'ৰজনীগন্ধা'ত তেওঁ কুমাৰ ৰঞ্জনে সংগীত পৰিচালনা কৰা 'বাই যাওঁ, বাই যাওঁ...' আৰু 'সেইদিনা তৰালী...' শীর্ষক গীতত কণ্ঠদান কৰাৰ পাছত ১৯৮৪ চনত মুক্তিলাভ কৰা অসমীয়া ছবি 'নয়নমণি'ত 'অ' নয়নমণি...', 'মা তুমি...' আৰু 'কত দুখ দিয়া প্রভু...' এই তিনিটা গীতত কণ্ঠদান কৰিছিল। এক সুকীয়া কণ্ঠদানেৰে অসমীয়া সংগীত জগতত খুবেই জনপ্ৰিয় হৈ পৰা সুমন কল্যাণপুৰ পিছে পৰৱৰ্তী সময়ত অসমীয়া সংগীত জগতৰ পৰা ক্ৰমান্বয়ে যেন আঁতৰি গ'ল। কিন্তু তেওঁ যিকেইটা অসমীয়া গীত ৰাইজক উপহাৰ দি থৈ গ'ল, সেইকেইটা গীতেই তেওঁ অসমীয়াৰ বুকুত এখন সুকীয়া ঘৰ সাজি থৈ গ'ল। আজিও অসমীয়াই সেই গীত শুনি হৈ পৰে নষ্টালজিক। ডুব যায় অনুভৱৰ এখন সুকীয়া পৃথিৱীত।

Share This