ডিজিটেল ডেস্ক : 'ইয়াত নহয়, গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যাওক।' বিদেশী বিতাৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্রত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদন খাৰিজ কৰি সোমবাৰে এই নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখযোগ্য যে অসম চৰকাৰে বিদেশী বুলি চিনাক্ত কৰা অনুপ্ৰৱেশকাৰীসকলক পুশ্ববেক পদ্ধতিৰে বাংলাদেশলৈ প্ৰেৰণ কৰাৰ চেষ্টা চলাই আছে। কিন্তু বাংলাদেশ চৰকাৰে উক্ত লোকসকলক চমজি নোলোৱাত সমস্যাৰ সৃষ্টি হৈছে।
আনকি সীমান্তৰ 'ন' মেনছ লেণ্ড'ৰ পৰা কেইবাজনো লোক পুনৰ অসমলৈ ঘূৰি অহাৰ দৰেও ঘটনা সংঘটিত হৈছে। এনে পৰিস্থিতিৰ মাজতে বি টি চি সংখ্যালঘু ছাত্ৰ সন্থা (এ বি এমছু) নামৰ সংখ্যালঘু ছাত্র সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনৰ শুনানি গ্রহণ কৰি সোমবাৰে ন্যায়াধীশ সঞ্জয় কৰোল আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাই আৱেদনকাৰীসকলক গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যাবলৈ নির্দেশ দিয়ে।
আদালতে কয়- এই পর্যন্ত ৬৯ জন লোকক আনুষ্ঠানিকভাৱে বিতাৰিত কৰা হৈছে। আপোনালোকৰ যদি কিবা ক'ব লগীয়া আছে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যাওক। মন কৰিবলগীয়া যে যোৱা ৪ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ৬৩ জন ঘোষিত বিদেশীক শীঘ্ৰে বাংলাদেশলৈ বিতাৰণৰ নিৰ্দেশ দিছিল। সেই অনুসৰি বাংলাদেশী বুলি চিনাক্ত লোকসকলক বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।