‘পিকা’ ৰোগীৰ অস্ত্ৰোপচাৰ; পেটৰ পৰা চিকিৎসকে উলিয়ালে চেফটি পিন, নাট, স্ক্ৰু ইত্যাদি

Kakali Deka September 30, 2023

ডিজিটেল ডেস্ক: কি অদ্ভুত ঘটনা!
বৃহস্পতিবাৰে পঞ্জাবৰ মোগা জিলাত সম্পন্ন হয় এজন ৰোগীৰ অস্ত্ৰোপচাৰ। আপুনি জানি আচৰিত হ’ব যে ৰোগীজনৰ পেটত পোৱা হৈছে ইয়েৰফোন, লকেট, স্ক্ৰু আৰু আনকি ৰাখী৷  ৰোগীজনৰ মোগাৰ মেডিচিটি হাস্পতালত অস্ত্ৰোপচাৰ কৰা হৈছিল। এই ৰোগীজন তীব্ৰ জ্বৰ আৰু পেটৰ বিষত ভুগি চিকিৎসালয়লৈ আহিছিল।

তাৰ পাছত ৰোগীজনৰ এক্স-ৰে দেখি চিকিৎসকসকল হতবাক হৈ পৰিছিল৷ যেতিয়া তেওঁৰ  পেটৰ বিষ হ্ৰাস হোৱা নাছিল, চিকিৎসকে এক্স-ৰে স্কেন কৰিছিল। এক্স-ৰে স্কেন দেখি চিকিৎসকসকলো আচৰিত হৈ পৰিছিল। স্কেনত ৰোগীজনৰ পেটৰ পৰা বহুতো ধাতৱ সামগ্ৰী পোৱা গৈছিল। ইয়েৰফোন, ৱাছাৰ, নাট, বোল্ট, তাঁৰ, ৰাখী, লকেট, বুটাম, ৰেপাৰ আৰু চেফটি পিন আদিৰ দৰে বহুতো ঘৰুৱা সামগ্ৰী পোৱা গৈছিল।

ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক!

তিনিঘণ্টাৰ অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকসকলে এই সকলো সামগ্ৰী আঁতৰাই দিছিল। চিকিৎসালয়খনৰ সঞ্চালক ডাঃ আজমেৰ কালৰাই কৈছিল যে তেওঁ মেডিকেল কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এনেধৰণৰ ঘটনা দেখিছে। ৰোগীজনে প্ৰায় দুবছৰ ধৰি পেটৰ বিষৰ অভিযোগ কৰি আহিছিল। অস্ত্ৰোপচাৰৰ দ্বাৰা সকলো আঁতৰ কৰা হৈছিল, কিন্তু ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক।

ইয়েৰফোন, স্ক্ৰু, নাট-বোল্টৰ দৰে সামগ্ৰী কিয় খাই এনে মানুহে?

এইটো প্ৰথম ঘটনা নহয় যেতিয়া ৰোগী এজনে অদ্ভুত বস্তু খাইছে। এনে ধৰণৰ ঘটনা আগতে আহিছে। পঞ্জাবৰ ৰোগীজনৰ অভিভাৱকে কৈছিল যে যোৱা ২-৩দিন ধৰি তেওঁৰ স্বাস্থ্য অতি বেয়া আছিল কিন্তু তেওঁ এই বিষয়ে একো কোৱা নাছিল। যেতিয়া তেওঁৰ টোপনি যোৱাত সমস্যা হ'বলৈ আৰম্ভ কৰিছিল, তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যোৱা হৈছিল। পৰিয়ালৰ সদস্যসকলে নাজানিছিল যে ৰোগীয়ে এই সকলোবোৰ বস্তু খাই আহিছে। 

প্ৰশ্নটো হ'ল কিছুমান মানুহে কিয় খোৱাৰ অনুপযুক্ত খাদ্য খায়?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই ৰোগটোক পিকা বুলি কোৱা হয়।

পিকা ৰোগ কি, লক্ষণবোৰ কি?
পিকা খোৱাৰ বিকাৰ থকা এজন ব্যক্তিয়ে খোৱাৰ অনুপযোগী বা কোনো পুষ্টি নোহোৱা বস্তু খায়। 

এই বিকাৰত ভুগি থকা ব্যক্তি এজনো জীৱনৰ বিপদত পৰিব পাৰে কিয়নো তেওঁ জীৱনৰ বাবে বিপজ্জনক বস্তুও খাব পাৰে। এই ৰোগত আক্ৰান্ত লোকসকলে নিজকে বাধা দিব নোৱাৰে।

Share This