চাহ শ্রমিকক কামৰ বাবে বহিঃৰাজ্যলৈ লৈ যোৱাটো চিন্তনীয় বিষয়: মুখ্যমন্ত্রী

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক: 'চাহ শ্রমিকসকলক তিনিচুকীয়া বা আন ঠাইৰ পৰাই হওক, কামৰ বাবে অৰুণাচল অথবা আন কোনো ঠাইলৈ লৈ যোৱাটো এক চিন্তনীয় বিষয়। আমিও এই বিষয়টোক লৈ যথেষ্ট চিন্তিত হৈ আছোঁ।' এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। কালি মুখ্যমন্ত্রী ড° শৰ্মাই অৰুণাচলৰ হায়ুলিয়াঙত যোৱা ৮ ডিচেম্বৰত ৰাজ্য জোকাৰি যোৱা এক মর্মান্তিক পথ দুর্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালৰ কাষত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে। 

গেলাপুখুৰী চাহ বাগিচাৰ ১৩নং লাইনৰ সমীপতে থকা খেলপথাৰত মুখ্যমন্ত্রী ড° শৰ্মাই পৰিয়ালসমূহক সমূহীয়াকৈ সাক্ষাৎ কৰি লগতে কয় যে জিলাখনৰ বহু চাহ শ্রমিকৰ সন্তানে অতি কম বয়সতে স্কুলৰ পৰা আঁতৰি আহি অৰুণাচল বা আন ঠাইত কাম কৰিবলৈ গুচি যায়। আর্থিক দুৰৱস্থা ইয়াৰ কাৰণ হোৱাৰ বাবে পিতৃ-মাতৃৰ অনিচ্ছা সত্ত্বেও ল'ৰা-ছোৱালীক এনেদৰে কাম কৰিবলৈ পঠিয়াবলৈ বাধ্য হয়। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব আৰু বিশেষকৈ অজ্ঞাতে কামৰ বাবে লৈ যোৱা, সামাজিক নিৰাপত্তা নথকা আদিৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব। 

অসমত উদ্যোগ হ'ব লাগে আৰু বাগিচাসমূহত কাৰিকৰী শিক্ষা ব্যৱস্থাৰ প্রয়োজন বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° শর্মাই। পোনে পোনে মুখ্যমন্ত্ৰীগৰাকীয়ে নিহত শ্রমিকসকলৰ প্ৰতিচ্ছবিত মাল্যার্পণ কৰি আত্মীয়সকলক উদ্দেশ্যি কয় যে দুর্ঘটনাত নিহতসকলৰ আত্মাৰ সদগতিৰ কামনা কৰিছোঁ। ৰাজ্য চৰকাৰৰ হৈ সন্মানৰ চিন স্বৰূপে পাঁচলাখ টকাকৈ সাহায্য আগবঢ়াইছোঁ আৰু প্ৰধানমন্ত্ৰীয়ে প্রদান কৰা দুই লাখ টকাসহ মুঠ সাত লাখ টকা পৰিয়ালকেইটাই লাভ কৰিব। তদুপৰি এই পৰিয়ালকেইটা যদি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তেন্তে শীঘ্ৰে অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা, ৰেছন কার্ড নথকাসকলকো শীঘ্ৰে ৰেছন কাৰ্ডৰ ব্যৱস্থা কৰা, পঢ়া-শুনাৰ ক্ষেত্ৰত যাতে পৰিয়ালকেইটাৰ কোনো ল'ৰা-ছোৱালী বাদ পৰি নাযায়, তাৰ ব্যৱস্থা কৰিবলৈ তিনিচুকীয়া জিলা আয়ুক্তক নির্দেশ দিয়ে। 

কালি নিহতৰ আত্মীয়ৰ হৈ মুখ্যমন্ত্ৰীৰ হাতৰ পৰা ক্ৰমে অনিমা চত্ৰীয়া, নৱনীতা ভূমিজ, ৰজমেৰী চত্ৰীয়া, আদৰা তাঁতী, লক্ষ্মী নাগ, মাইনী কুমাৰী, সন্দিজা কুমাৰ, অনিতা কুমাৰ, দীপিকা গোৱালা, পিংকি কুমাৰ, পিংকি তাঁতী, কুন্তী তান্দিয়া, মিনতি দ্বীপ, অষ্টমী কুমাৰী, স্বপ্না মানকি, লক্ষী ভূমিজ, সীমা মানকি, চিচিলিয়া জোনাছ, অমিতা চাওৰা, দেৱান্তি দেৱীয়ে পাঁচ লাখ টকাৰ চে'ক গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে তিনিচুকীয়াৰ গেলাপুখুৰীত মন্ত্রী বিমল বড়া, পীয়ূষ হাজৰিকা, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, বলীন চেতিয়া, ভাস্কৰ শৰ্মা, পোনাকণ বৰুৱা, তেৰছ গোৱালা আদিৰ লগতে জিলা আয়ুক্ত আৰু বিজেপি দলৰ অন্যান্য বিষয়ববীয়া তথা বাগিচাৰ শতাধিক চাহ শ্রমিক উপস্থিত থাকে।

Share This