তামুলপুৰত জুবিন অনুৰাগীৰ এহেজাৰটা নাহৰ পুলি ৰোপণ

Rashmi October 18, 2025

ডিজিটেল ডেস্কঃ তামুলপুৰ জিলাত জুবিন অনুৰাগী আৰু যুৱ সমাজ লতিবাৰীৰ উদ্যোগত আজিৰ দিনটোত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহপূৰ্ণ হোৱাৰ উপলক্ষে এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হয়।

 

এই বিশেষ দিনটোত তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ লগতে নাগ্ৰিজুলী পথৰ ডোঙাৰ গাঁৱৰ পৰা ঢেকীপোটালৈ এহেজাৰ জোপা নাহৰৰ পুলি ৰোপণ কৰা হয় আৰু তেনেই গছবোৰ সংৰক্ষণৰ দায়িত্বও গ্ৰহণ কৰে যুৱ সমাজে।

 

অনুষ্ঠানত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ লক্ষী দাসৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধীয়ে উপস্থিত থাকি উদ্যোগটোক অভিনন্দন জনায়।

 

প্ৰায় ডেৰ শতাধিক যুৱকে অংশগ্ৰহণ কৰা এই বৃক্ষৰোপণ অভিযানৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

 

 

 

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This