ডিজিটেল ডেস্ক : ৰাজ্যৰ শিক্ষক-কর্মচাৰীসকলৰ তিনি মাহৰ বাবে ছুটী বাতিল হোৱাৰ সম্ভাৱনা আছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা এক মাৰ্চৰ পৰা ৩১ মে' পর্যন্ত শিক্ষক-কর্মচাৰীসকলক বিদ্যালয় পৰিদৰ্শকসকলে ছুটী নল'বলৈ নিৰ্দেশ জাৰি কৰিব পাৰে।
উল্লেখযোগ্য যে ইতিমধ্যে নিৰ্বাচনৰ কাম-কাজত নিয়োজিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি হাইলাকান্দি বিদ্যালয় পৰিদৰ্শকে সহকাৰী বিদ্যালয় পৰিদৰ্শক আৰু খণ্ড প্রাথমিক শিক্ষা বিষয়াসকলক দিয়া নির্দেশত এই সময়ছোৱাৰ ভিতৰত কোনো শিক্ষক-কর্মচাৰীৰ ছুটী মঞ্জুৰ কৰাৰ ক্ষেত্ৰত বাৰণ কৰা হৈছে।
হাইলাকান্দিৰ নিৰ্দেশৰ পাছত আন আন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকলেও তেনে নিৰ্দেশ জাৰি কৰাৰ সম্ভাৱনা আছে।