ডিজিটেল ডেস্কঃ শিক্ষা বিভাগে শিক্ষাসেতু এপৰ বিসংগতি দূৰ নকৰাকৈ বিদ্যালয়ত শিক্ষক, শিক্ষাৰ্থীৰ উপস্থিতিক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাত পুনৰ ক্ষুব্ধ হৈ উঠিছে শিক্ষক সমাজ। সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়কসকলে মুৰব্বীসকললৈ দিয়া নির্দেশত বিদ্যালয় আৰম্ভ আৰু ছুটীৰ সময় নির্ধাৰণ কৰি দিছে। নতুন শৈক্ষিক বৰ্ষৰ পৰা এই সময়সূচী প্রযোজ্য হ'ব। শিক্ষকসকলে উপস্থিতি আৰু প্ৰস্থানৰ সময় শিক্ষা সেতু এপত দিয়াটো বাধ্যতামূলক কৰা হৈছে। একেৰাহে তিনিদিন ধৰি উপস্থিতি দিয়াত পলম হ'লে দৰমহা কৰ্তনৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনাও জাৰি কৰা হৈছে।
কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে আজি জাৰি কৰা নিৰ্দেশ অনুসৰি যিসকল শিক্ষকে তিনিদিন ধৰি শিক্ষা সেতু এপত উপস্থিতি দিয়াত পলম হয় তেওঁৰ নৈমিত্তিক ছুটীৰ পৰা এটা দিন কর্তন হ'ব। যদি শিক্ষকজনৰ নৈমিত্তিক ছুটী জমা হৈ নাথাকে তেন্তে তেওঁৰ এটা দিনৰ দৰমহা কৰ্তন হ'ব। উচ্চতৰ মাধ্যমিকত নিযুক্ত হোৱা স্নাতকোত্তৰ শিক্ষকসকলে হাইস্কুলৰ শ্রেণীতো পাঠদান কৰিব লাগিব। উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীৰ লগতে হাইস্কুলৰ শ্ৰেণীত পাঠদান কৰাৰ ক্ষেত্ৰত বিদ্যালয়ৰ মুৰব্বীয়ে পাঠদানৰ সূচী যুগুত কৰিব লাগিব আৰু পাঠদানৰ ক্ষেত্ৰত কঠোৰ হ'ব লাগিব।
উল্লেখযোগ্য যে মঙ্গলবাৰে কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সকলো হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুৰব্বীৰ সৈতে অনুষ্ঠিত হোৱা শিক্ষা সম্পৰ্কীয় বৈঠকৰ সিদ্ধান্ত অনুসৰি সকলো বিদ্যালয়ত সকলো শিক্ষকে পুৱা ৯ বজাৰ আগতে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষানুষ্ঠানৰ স্তৰ অনুসৰি নিৰ্ধাৰণ কৰা সময়মতে বিদ্যালয়ৰ পৰা প্ৰস্থান কাৰব লাগিব। উপাস্থাত আৰু প্ৰস্থানৰ সময় শিক্ষাসেতু এপত প্রতিফলিত হ'ব লাগিব। প্রতিটো শ্ৰেণীৰ শ্ৰেণী শিক্ষকে প্রতিজন শিক্ষাৰ্থীৰ উপস্থিতি লোৱাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে দায়বদ্ধ হব আৰু প্রতিদিনে বিদ্যালয়ৰ মুৰব্বীয়ে পৰীক্ষা কৰিব।
যদিহে শিক্ষা সেতু এপত ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি দিয়াৰ সময়ত নেটৱৰ্কৰ সমস্যা হয়, তেন্তে সেই উদ্দেশ্য আগত ৰাখি সৃষ্টি কৰা হোৱাটছ এপ গ্ৰুপত গ্রুপ ফটো জিঅ'টেগ কৰিব লাগিব। সকলো এল পি বিদ্যালয় ২-০৫ বজালৈকে খোলা থাকিব লাগিব। সকলো এম ই আৰু এম ভি বিদ্যালয় ৩-২৫ বজালৈকে খোলা থাকিব লাগিব। সকলো হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ৩-২৫ বজালৈকে খোলা থাকিব লাগিব।
বিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীসকল পুৱা ১০ বজাৰ আগতে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু বিয়লি ৪-৩০ বজালৈকে বিদ্যালয়ত উপস্থিত থাকিব লাগিব। শিক্ষক-শিক্ষার্থীৰ উপস্থিতি সন্দৰ্ভত কঠোৰ নিৰ্দেশনা ডিব্ৰুগড় জিলাৰ মিছন সমন্বয়কৰ পৰাও জাৰি কৰা হৈছে। ইফালে এই নির্দেশনাৰ লগে লগে সদৌ অসম শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিৎ বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে আশ্চর্য প্রকাশ কৰিছে। তেওঁলোকে কয় যে নতুন শিক্ষা বৰ্ষ আৰম্ভহোৱাৰ পূৰ্বৰে পৰা অৰ্থাৎ বর্তমানেও শিক্ষা সেতুত শিক্ষকে উপস্থিতি দি আছে আৰু ভৱিষ্যতেও দি থাকিব।
কিন্তু তাৰ অচিলাত দৰমহা কৰ্তনৰ ভাবুকি প্ৰদান কৰি পুনৰ শিক্ষা বৰ্ষৰ আৰম্ভণিতে কেণা লগাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বিচৰা হৈছে। শিক্ষক মঞ্চই এই কথা স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া শিক্ষা সেতু এপৰ আসোঁৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱা পর্যন্ত কোনো অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা নহ'ব বুলি চৰকাৰৰ সিদ্ধান্ত আছিল। তেনেস্থলত দৰমহা কৰ্তনৰ ভাবুকি আহিল কিয় বুলি প্রশ্ন কৰি শিক্ষক মঞ্চই কয় যে এনে পৰিস্থিতিত এই নির্দেশনাই আহুকালৰহে সৃষ্টি কৰিব।