ডিজিটেল ডেস্ক : যি সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমত এতিয়া আন্দোলন নকৰাকৈয়ে সকলোৱেই সকলো সা-সুবিধা পাই আছে বুলি দাবী কৰি আহিছে, সেই সময়তে এতিয়া ৩০ বছৰে আন্দোলন কৰিও নিজৰ ন্যায্যপ্রাপ্য আদায় কৰিব নোৱৰা শিক্ষক সমাজে 'জংগী' আন্দোলনৰ হুংকাৰ দিছে। উল্লেখযোগ্য যে দেওবাৰে মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত সদৌ অসম কর্মৰত বেতনবঞ্চিত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
সভাত প্রায় ৩০ বছৰ ধৰি স্থায়ী নিযুক্তিৰ বাবে আন্দোলন কৰি অহা শিক্ষকসকলে মুখ্যমন্ত্রীক হাতযোৰ কৰি ১০ অক্টোবৰত হ'ব লগা ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি অনুষ্ঠানত তেওঁলোককো স্থায়ী নিযুক্তি দিবৰ বাবে কাতৰ আহ্বান জনায়। শিক্ষকসকলে কয় যে যদিহে তেওঁলোকৰ পৰিয়াল জীয়াই ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনে মানৱীয়তাৰ খাতিৰত তেওঁলোকক নিযুক্তি প্রদান নকৰে তেনেহ'লে আশাহীন হৈ পৰা শিক্ষকসকলে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। কাৰণ বিনাবেতনে বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহা এইসকল শিক্ষকৰ কাৰোবাৰ যদি অৱসৰলৈ এবছৰ বাকী আছে, কাৰোবাৰ আছেগৈ আকৌ মাত্র ছমাহ।
তেওঁলোকে কয় যে মুখ্যমন্ত্রীজনে ২০২১ চনতে তেওঁলোকক এমাহ বা ৪৫ দিনৰ ভিতৰত স্থায়ী নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল। ইয়াৰ পাছতো আনকি যিমানবাৰ তেওঁলোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে প্রতিবাৰেই একে প্রতিশ্রুতিকে দিছে। ইমানৰ পাছতো ৰাজ্য চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰাত শিক্ষকসকল হতাশ হৈ পৰিছে।