ডিজিটেল ডেস্ক : দশক দশক ধৰি বৈজ্ঞানিক প্ৰতিভাৰ স্বৰ্গ ৰূপে পৰিগণিত হৈ অহা আমেৰিকাই এতিয়া এই গৌৰৱপূৰ্ণ খ্যাতি হেৰুওৱাৰ দিশত আগবাঢ়িছে। দেশখন ৮০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে 'ব্রেইন ড্রেইন'ৰ সন্মুখীন হৈছে। ই দেশখনে বিশ্বত লাভ কৰা প্ৰতিষ্ঠাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে উদ্ভাৱনৰ প্ৰক্ৰিয়াটোকে বিপর্যস্ত কৰি তুলিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কিছুমান কঠোৰ নীতিৰ ফলত দেশখনত এই অৱস্থাৰ সৃষ্টি হৈছে। দেশখনত কাম তথা গৱেষণা কৰি থকা বৃহৎ সংখ্যক বিজ্ঞানীয়ে এতিয়া তাৰ পৰা পলায়ন কৰিবলৈ লৈছে।
আমেৰিকান এছ'চিয়েশান ফৰ দ্য এনভাইৰনমেণ্ট অব্ ছায়েন্সৰ দ্বাৰা শেহতীয়াকৈ চলোৱা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, ৭৫% বিজ্ঞানীয়ে আমেৰিকা ত্যাগ কৰি ইউৰোপ আৰু এছিয়াত নতুন সুযোগৰ সন্ধান কৰি আছে অথবা দেশখনৰ পৰা পলায়ন কৰিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল ৰাষ্ট্ৰপতি ট্রাম্পে গৱেষণাৰ বাবে আগবঢ়োৱা পুঁজি কর্তন, বিদেশী ছাত্র-ছাত্ৰীৰ আমেৰিকাৰ বিশ্ববিদ্যালয়ত নামভৰ্তিত আৰোপ কৰা নিষেধাজ্ঞা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ স্বাধীনতাত আক্ৰমণ আদি। ট্রাম্প প্রশাসনে নেশ্যনেল ইনষ্টিটিউট অব হেল্থলৈ অহা বছৰ আগবঢ়াব লগীয়া অনুদান ৪০% কৰ্তন কৰিছে।
নেশ্যনেল ছায়েন্স ফাউণ্ডেশ্যনলৈ আগবঢ়োৱা ১৩ হাজাৰ কোটি টকাৰ অনুদান বন্ধ কৰি দিয়ে। দেশখনত ২০১৫ চনৰ তথ্য মতে, আমেৰিকালৈ প্ৰতি বছৰে ৬০ হাজাৰতকৈ অধিক বিদেশী গৱেষক আহিছিল গৱেষণাৰ বাবে। চলিত বছৰত ইয়াৰ সংখ্যা ১৫ হাজাৰতকৈও কম হ'ব বুলি অনুমান কৰা হৈছে। আমেৰিকাৰ পৰা পলায়ন কৰা বা কৰিবলৈ বিচৰা এই বিজ্ঞানী তথা গৱেষকসকলক আকর্ষিত কৰাৰ বাবে বিভিন্ন দেশে চেষ্টা কৰি আছে। ইয়াৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা, জয়বায়ু পৰিৱৰ্তন, জেনেটিক্স আৰু নিউৰ'ছায়েন্সৰ দৰে বিষয়ত কাম কৰি থকা বিজ্ঞানীসকলক বিভিন্ন দেশে আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে। জার্মানি, ফ্ৰান্সৰ দৰে দেশে বিজ্ঞানীসকলক আকৰ্ষিত কৰিব পৰাকৈ বিভিন্ন আঁচনিও হাতত লৈছে।