এই বছৰৰ গ্ৰীষ্মকালত সমগ্ৰ পৃথিৱীত উষ্ণতাৰ অভিলেখ ভংগ

Jyoti Borah September 08, 2023

ডিজিটেল ডেস্কঃ বিশ্ব বতৰ বিজ্ঞান সংগঠনে [ডব্লিউ এম অ’] কয় যে এই বছৰৰ গ্ৰীষ্মকালটো উত্তৰ গোলাৰ্ধত আটাইতকৈ বেছি গৰমৰ আছিল আৰু সামগ্ৰিকভাৱে সমগ্ৰ পৃথিৱীত উষ্ণতাই অভিলেখ ভংগ কৰে৷ তদুপৰি আগষ্ট মাহটোৰ সমান গৰম আগতে কেতিয়াও হোৱা নাছিল৷ 
যোৱা মাহটো আধুনিক সা-সৰঞ্জামেৰে বিজ্ঞানীসকলে এতিয়ালৈকে ৰেকৰ্ড কৰা আটাইতকৈ বেছি গৰমৰ আগষ্ট মাহ হিচাপে পৰিগণিত হোৱাই নহয়, ২০২৩ চনৰ জুলাইৰ পাছতে দ্বিতীয়টো আটাইতকৈ বেছি গৰমৰ মাহ হিচাপেও পৰিগণিত হয়৷ ডব্লিউ এম অ’ আৰু ইউৰোপিয়ান ক্লাইমেট ছাৰ্ভিচ কপাৰ্নিকাছে আজি এই ঘোষণা কৰে৷ প্ৰাক-ঔদ্যোগিক গড়তকৈ আগষ্ট মাহটোত উষ্ণতা প্ৰায় ৰ.প্ত ডিগ্ৰী চেলছিয়াছ বেছি আছিল৷ বিশ্বই উষ্ণতা বৃদ্ধি সীমিত কৰিবলৈ স্থিৰ কৰা সীমা সেইটোৱেই৷ বিজ্ঞানীসকলে কেইটামান দশকৰ ভিতৰত উষ্ণতা ৰ.প্ত ডিগ্ৰী বাঢ়িব বুলি উদ্বেগ প্ৰকাশ কৰিছে, এমাহত নহয়৷ কিন্তু পৰিস্থিতি অতি ভয়াৱহ হৈ উঠিছে৷ পৃথিৱীৰ উপৰিভাগত ৭০ শতাংশৰো অধিক ঠাই আগুৰি আছে মহাসাগৰবোৰে আৰু মহাসাগৰবোৰৰ উষ্ণতা প্ৰায় ২১ ডিগ্ৰী চেলছিয়াছ বাঢ়িছে৷ মহাসাগৰবোৰৰ উষ্ণতা আগতে কেতিয়াও ইমান বঢ়া নাছিল৷ ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধান এণ্টনিঅ’ গুটাৰেছে কয় যে গৰম অসহ্যকৰ হৈ পৰিছে আৰু ‘জলবায়ুৰ পতন আৰম্ভ হৈছে’৷ কপাৰ্নিকাছৰ মতে ২০১৬ চনৰ পাছত এতিয়ালৈকে ২০২৩ চনটোৱেই দ্বিতীয়টো আটাইতকৈ বেছি গৰমৰ বছৰ৷ পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ বাবে বিজ্ঞানীসকলে মানৱ-সৃষ্ট জলবায়ুৰ পৰিৱৰ্তনক দোষাৰোপ কৰিছে৷ তদুপৰি এল নিনোৰ প্ৰভাৱৰ বাবেও এইবছৰ গৰম বেছি হৈছে৷ 
বিজ্ঞানীসকলে হিচাপ কৰি উলিয়াইছে যে পৃথিৱীখন প্ৰায় ৰ লাখ ২০ হাজাৰ বছৰৰ আগতে যিমান গৰম আছিল এতিয়া তাতকৈ বেছি গৰম৷ পৃখিৱীখন আগতেও গৰমৰ আছিল, কিন্তু মানৱ সভ্যতাৰ আগতে৷ সাগৰবোৰ বেছি ওখ আছিল আৰু মেৰুবোৰ বৰফময় নাছিল৷ এই বছৰৰ ছেপ্টেম্বৰ মাহৰ বিগত দিনকেইটাত দৈনিক উষ্ণতাও পূৰ্বৰ ছেপ্টেম্বৰ মাহবোৰৰ উষ্ণতাতকৈ বেছি হৈছে৷

Share This