ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ ঠাইতে বৃদ্ধি পাইছে শীতৰ প্রকোপ। যোৱা ২৫ ডিচেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যৰ আকাশ ঘন কুঁৱলীয়ে ঢাকি ৰাখিছে। ব্যস্ততাপূৰ্ণ আৰু যান্ত্রিকতাৰ মাজত সোমাই থকা গুৱাহাটী মহানগৰত ঘন কুঁৱলীৰ আৱৰণে যেন সজাই তুলিছে প্রকৃতি।
কালিও গোটেই দিনটো ঘন কুঁৱলীয়ে চৌপাশ আৱৰি ৰখাৰ ফলত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হয়। শীতৰ প্রকোপৰ পৰা হাত সাৰিবলৈ ঠায়ে ঠায়ে জনসাধাৰণে সন্ধিয়াৰ ভাগত জুই জ্বলাই উম লোৱা পৰিলক্ষিত হৈছে। আগন্তুক কেইবাদিনলৈ শীতৰ প্রকোপ অব্যাহত থাকিব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালিৰ দিনটোত সর্বনিম্ন তাপমাত্রা গোৱালপাৰাত ১১.৮ ডিগ্রী হোৱাৰ বিপৰীতে ধুবুৰীত ১৩.৩ ডিগ্রী, যোৰহাটত ১৪.৮ ডিগ্রী, গুৱাহাটীত ১৫.১ ডিগ্রী, নৰ্থ লখিমপুৰত ১৩.৭ ডিগ্ৰী, বৰপেটাত ১৪.৯ ডিগ্ৰী আৰু গোলাঘাটত ১৫.০ ডিগ্রীলৈ হ্রাস পায়।
ইফালে হঠাৎ তাপমাত্রা হ্রাস পোৱাত এতিয়া গৰম কাপোৰৰ বিপণীত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ। ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো প্ৰতিখন শ্বপিং মলৰ পৰা আৰম্ভ কৰি ফাঁচিবজাৰ, পল্টনবজাৰ আৰু বিভিন্ন ঠাইৰ গৰম কাপোৰৰ বিপণীত এইকেইদিন গৰম কাপোৰৰ ব্যৱসায় যথেষ্ট ভাল বুলি ব্যৱসায়ীসকলে জনাইছে। উল্লেখযোগ্য যে, অত্যন্ত শীতৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী বিদ্যালয় এসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। জিলা আয়ুক্তৰ লগত হোৱা আলোচনাৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰিদৰ্শকে সকলো চৰকাৰী বিদ্যালয়ৰ মুৰব্বীক এই নির্দেশনা প্রদান কৰিছে। সেই অনুসৰি কাইলৈ অৰ্থাৎ ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰী পর্যন্ত সকলো বিদ্যালয় বন্ধ থাকিব। আনহাতে ব্যক্তিগত বিদ্যালয়সমূহক ছাত্র-ছাত্ৰীৰ স্বাৰ্থত নিজে সিদ্ধান্ত ল'বলৈ পৰামৰ্শ দিয়া হৈছে।
ইফালে কালি সামাজিক মাধ্যমযোগে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সকলো জিলা আয়ুক্তক নিজ নিজ জিলাৰ পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে প্রয়োজন অনুসৰি বিদ্যালয়ৰ সময় পুনৰ নিৰ্ধাৰণ বা বিদ্যালয় বন্ধ কৰাৰ সন্দৰ্ভত উপযুক্ত সিদ্ধান্ত ল'বলৈ নিৰ্দেশ প্রদান কৰিছে। লক্ষণীয়ভাৱে বিগত ২৪ ডিচেম্বৰৰ পৰা ৰাজ্যখনত বৃদ্ধি হোৱা শীতৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীয়েও কালি প্রাথমিক বিদ্যালয়সমূহৰ পাঠদান স্থগিত ৰখাৰ আদেশ প্রকাশৰ বাবে শিক্ষামন্ত্ৰীলৈ এখন অনুৰোধ পত্ৰ প্ৰদান কৰে। সম্মিলনীৰ সভাপতি নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে স্বাক্ষৰ কৰা অনুৰোধ পত্ৰত শীতৰ বাবে প্রাথমিক বিদ্যালয়ৰ শিশুসকলৰ বাবে সৃষ্টি হোৱা অসহনীয় পৰিৱেশৰ কথা উল্লেখ কৰি কয় যে, সম্মিলনীয়ে পূৰ্বৰে পৰা শিক্ষাৰ্থীসকলক চুৱেটাৰ, জোতা-মোজা যোগান দিয়াৰ দাবী জনাই আহিছে। শিক্ষামন্ত্ৰীৰে হোৱা আনুষ্ঠানিক আলোচনাত ২০২১ চনতে শিক্ষার্থীক চুৱেটাৰ, জোতা-মোজা প্রদানৰ সহমত স্থাপন হৈছিল যদিও বৰ্তমানলৈ কাৰ্যকৰী হোৱা নাই। সন্মিলনীয়ে প্ৰচণ্ড শীতৰ বাবে ৰাজ্যখনৰ সকলো বিদ্যালয়তে জুই ধৰি পাঠদান কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি এই পৰিস্থিতি প্রাথমিক বিদ্যালয়ৰ কণ কণ শিশুসকলৰ বাবে অসহনীয় বুলি কৈ কমেও দহ দিনৰ বাবে প্রাথমিক বিদ্যালয়ৰ পাঠদান স্থগিত কৰাৰ আদেশ প্রকাশৰ আর্জি প্রদান কৰে।