গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ; আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে থানাৰ চৌহদতে প্ৰতিবাদ ক্ষুব্ধ ৰাইজৰ

Nikimoni Kachari December 22, 2025

ডিজিটেল ডেস্কঃ গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । আৰক্ষী থানাৰ চৌহদতে প্ৰতিবাদত বহিছে ক্ষুব্ধ ৰাইজ। অভিযোগ অনুসৰি ঘিলাধাৰী আৰক্ষী থানাৰ তিনিজন আৰক্ষীয়ে নিশা এক বিবাহ অনুষ্ঠানত বৰ্বৰোচিত লাঠীচালনা কৰাত আঘাতপ্ৰাপ্ত হয় বহুকেইজন লোক। 

ইয়াৰ মাজৰে অজয় কৰ্মকাৰ,পূজা কৰ্মকাৰ, লক্ষীৰাম কৰ্মকাৰ, বিকাশ কৰ্মকাৰ, বিজয় কৰ্মকাৰ, সঞ্জয় কৰ্মকাৰ আৰু বিশ্বজিত কৰ্মকাৰৰ আঘাত গুৰুতৰ। ঘিলাধাৰী আৰক্ষী থানাৰ সমীপৰে ৰূপকলীয়া গাঁৱৰ এক বিবাহ অনুষ্ঠানত সূত্ৰপাত ঘটা এক সামান্য কাজিয়া নিয়ন্ত্ৰণ কৰিবলৈ গৈছিল আৰক্ষীৰ তিনিজনীয়া দলটো। 

কিন্তু আৰক্ষীৰ দলটোৱে সোধা-পোছা নকৰাকৈ এফালৰ পৰা লাঠীচালনা কৰিবলৈ ধৰে। বহু পৰিয়ালৰ বাসগৃহৰ ভিতৰত সোমাই আৰক্ষীয়ে মহিলা আৰু শিশুকো বৰ্বৰভাৱে প্ৰহাৰ কৰে। আনকি গাঁওৰক্ষী বাহিনীৰ নায়কজনকো গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে। পীড়িত লোকসকলে কৰা অভিযোগ মতে আৰক্ষী তিনিগৰাকীয়ে সেই সময়ত সুৰাৰ ৰাগীত মাতাল হৈ আছিল। ইয়াৰ প্ৰতিবাদত আজি পীড়িতসকলৰ লগতে একাংশ স্থানীয় ৰাইজে ঘিলাধাৰী আৰক্ষী থানাৰ চৌহদত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। 

স্থানীয় ৰাইজে অভিযুক্ত আৰক্ষী জোৱানকেইজনৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ লগতে আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This