পোন প্ৰথমবাৰৰ বাবে টীয়কত ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'

Rashmi August 17, 2025

ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজৰ উদ্যোগত যোৰহাট জিলা লেখিকা সমাজৰ সহযোগত অহা ২১ ছেপ্টেম্বৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কত অসমভিত্তিত 'সখিয়তী সন্মিলন' (কিশোৰী-যুৱতীসকলৰ অনুষ্ঠান) অনুষ্ঠিত হ'ব। 

সেই উপলক্ষে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সখিয়তীসকলৰ লগতে যোৰহাট জিলা লেখিকা সমাজৰ বিষয়ববীয়া, আঞ্চলিক আৰু শাখাসমূহৰ বিষয়ববীয়াসকল চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ প্ৰাংগণত এক প্ৰত্যক্ষ আলোচনাত মিলিত হয়।

মূলত: ৰাজ্যৰ নৱ প্ৰজন্মৰ লেখিকা,সাংস্কৃতিককৰ্মী তথা ক্ৰীড়াৰ সৈতে জড়িত ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে আয়োজিত এই অনুষ্ঠানৰ বিষয়ে অসম লেখিকা সমাজৰ 'সখিয়তী উপ-সমিতি'ৰ মুখ্য আহ্বায়ক নীলাঞ্জনা পাচনিয়ে আঁত ধৰি আলোচনা চক্ৰ আগুৱাই নিয়ে।উক্ত আলোচনাত অভ্যৰ্থনা সমিতিৰ সভাপতি কবিতা গগৈ বৰগোহাঁই, কাৰ্যকৰী সভাপতি নিৰ্মালি নেওগ শইকীয়া, অসম লেখিকা সমাজৰ যোৰহাট জিলাৰ উপদেষ্টা মাধুৰী শৰ্মা সভাপণ্ডিত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জুনুমণি গগৈ, যোৰহাট জিলা উপ-সভাপতি ববিতা গোস্বামী উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

আনহাতে মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকি পোনপ্ৰথমবাৰৰ বাবে অসমত এই সখিয়তী সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে লেখিকা সমাজৰ শলাগ লয় । উল্লেখযোগ্য যে সখিয়তী সন্মিলনত ছাত্ৰীসকলক উৎসাহিত কৰাৰ অৰ্থে শিক্ষা, ক্ৰীড়া আদি ক্ষেত্ৰত কেইবাটাও বঁটা প্ৰদানৰো ব্যৱস্থা কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This