বিলাসীপাৰাত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা; মানসিক বিকাৰগ্ৰস্ত যুৱকক তালিবানী শাস্তি

Rashmi March 04, 2026

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা। এইবাৰৰ স্থান বিলাসীপাৰাৰ সূৰ্যখাতা প্ৰথম খণ্ড গাঁৱত।  ম'বাইল চোৰৰ অভিযোগত এজন মানসিক বিকাৰগ্ৰস্ত যুৱকক বিদ্যুতৰ খুঁটাত বান্ধি তালিবানী শাস্তি। 

সূৰ্যখাতা গাঁৱৰ ফকিৰ চান্দ মণ্ডলসহ কেইবাজনৰ বিৰুদ্ধে উত্থাপন হৈছে মৰেল পুলিচিঙৰ অভিযোগ। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকৰ পৰিয়ালে বিলাসীপাৰা থানাত দাখিল কৰিছে এজহাৰ। 

ইতিমধ্যে বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিছে মূল অভিযুক্ত ফকিৰ চান্দ মণ্ডলক। আইন হাতত তুলি লৈ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত কৰা আটাইকেইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিভিন্নজনে।





প্ৰাগ নিউজ ডিজিটেল

Share This