ডিজিটেল ডেস্কঃ বিজয়া দশমীৰ পুৱা শিলচৰৰ মেহেৰপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
উল্লেখ্য যে এখন দ্ৰুত গতিৰে অহা স্কৰপিঅ’ বাহনে ৰাস্তা পাৰ হ'ব খোজা এজন ব্যক্তিক খুন্দা মাৰে। ঘটনাস্থলীতেই লোকজনৰ মৃত্যু হয়। মৃত ব্যক্তিজনৰ নাম সুশীল দাস বুলি জানিব পৰা গৈছে।
গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথত ৰৈ থকা আন কিছুমান লোককো আঘাত কৰে। প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে গাড়ীখন ধৰি তাত অগ্নিসংযোগ কৰে। লগতে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এই ঘটনাৰ খবৰ পাই শিলচৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তা নিজেই আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয়। লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ জুই নিৰ্বাপণ কৰে।
আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আৰক্ষীয়ে এতিয়া ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।