MENU

বহিঃ ৰাজ্যৰ পৰা অসমলৈ অনা মাছ পৰীক্ষাৰ নিৰ্দেশ

dainik janambhumi March 07, 2025

ডিজিটেল ডেস্কঃ বহিঃৰাজ্যৰ পৰা আমদানি কৰা মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পাছতে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আৱেদন কৰা হৈছে। 

আনহাতে, অসমলৈ বহিঃৰাজ্যৰ পৰা অনা মাছৰ পৰীক্ষা কৰাৰ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে ২০২৩ চনত তেতিয়াৰ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ পৰীক্ষাত বহিঃৰাজ্যৰ পৰা আমদানি কৰা মাছত বিষাক্ত ফর্মেলিনৰ উপস্থিতি ধৰা পৰাৰ পাছত বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ। তেতিয়া ন্যায়ালয়ে ৰাজ্যিক পৰ্যায়ত আৰু জিলা পৰ্যায়ত দুখলপীয়া পৰীক্ষা কৰাৰ নিৰ্দেশ দিছিল। 

এই নির্দেশৰ পাছতে ৰাজ্য চৰকাৰে ৰাজ্যিক আৰু জিলা পৰ্যায়ত টাস্ক ফ'ৰ্চ গঠন কৰি দিয়াৰ লগতে পৰীক্ষাৰ বাবে এছ অ'পি জাৰি কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত এই নির্দেশনা 'মানি নচলাৰ অভিযোগ কৰি শেহতীয়াকৈ হাছিবুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে ন্যায়ালয়ত পুনৰ এখন ৰাজহুৱা স্বার্থজড়িত আৱেদন কৰে। চৰকাৰে গঠন কৰা টাস্ক ফ'চে নিয়ম অনুসৰি ফৰ্মেলিনৰ পৰীক্ষা নকৰাৰ অভিযোগো কৰে। 

এই আৱেদনৰ ভিত্তিত ৰুজু কৰা গোচৰৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে চৰকাৰক কৈফিয়ৎ তলব কৰে। ইয়াৰ লগতে চৰকাৰক বিষয়টো সন্দৰ্ভত বিতং শপতনামা দাখিল কৰাৰ নিৰ্দেশো দিয়ে। আনহাতে, ন্যায়ালয়ে টাস্ক ফ'ৰ্চক এছ অ' পিৰ প্রতিটো নিয়ম মানি চলিবলৈ নিৰ্দেশ দিয়ে। বহিঃৰাজ্যৰ পৰা আমদানি কৰা মাছত ফর্মেলিনৰ উপস্থিতি পুংখানুপুংখভাৱে মানি চলিব লাগিব বুলিও স্পষ্ট কৰে।

Share This