১০টা পুৰস্কাৰেৰে অসমলৈ কঢ়িয়ালে সুনাম, গ্ল'বেল থিয়েটাৰ ফেষ্টিভেলত জিলিকিল তেজপুৰ থিয়েটাৰ একাডেমি

dainik janambhumi February 03, 2026

ডিজিটেল ডেস্ক : নাটকৰ নগৰী হিচাপে পৰিগণিত তেজপুৰৰ একাংশ শিশুৱে বহিঃৰাজ্য-আন্তঃৰাষ্ট্ৰীয় এক নাট প্রতিযোগিতাত পাৰদৰ্শিতা প্রতিপন্ন কৰি ৰাষ্ট্ৰীয় পর্যায়ত এগৰাকী শিশুৱে শ্রেষ্ঠ শিশু অভিনেতা হিচাপে পুৰস্কৃত হোৱাৰ লগতে ১টাকৈ পুৰস্কাৰেৰে তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এক খবৰে তেজপুৰবাসীক আহ্লাদিত কৰি তুলিছে। উল্লেখযোগ্য যে যোৱা ২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ওড়িশাৰ কটক চহৰত থিয়েটাৰ ম'ভমেণ্টৰ উদ্যোগত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় 'গ্লবেল থিয়েটাৰ ফেষ্টিভেল' এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত তেজপুৰৰ 'তেজপুৰ থিয়েটাৰ একাডেমি'য়ে ২৫ জানুৱাৰীত মঞ্চস্থ কৰা এখন শিশু নাটকেৰে ১০টাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। 

মানস প্রতীম বৰা ৰচিত আৰু তেজপুৰ থিয়েটাৰ একাডেমিৰ অধ্যক্ষ তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ নিয়মীয়া শিল্পী গৌতম পাঠকৰ দ্বাৰা পৰিচালিত 'এটুকুৰা মেঘ' শীর্ষক শিশু নাটকখনি মঞ্চস্থ কৰি দৰ্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে শিশুশিল্পী ক্রমে- মেঘাবিনী কাশ্যপ, যুৱৰাজ বৰা, কাত্যয়ানী গৌতম পাঠক, ইউনা বৰুৱা, সংস্কৃতি বণিয়া, শুন্টি বৰদলৈ, ৰিডম বৰা, নয়নিকা দাস আৰু নিষ্ঠা বৰাৰ চমকপ্রদ অভিনয়ৰ মাজত অতি আশাব্যঞ্জকভাৱে ৰীডম বৰাই শিশু নাটকৰ শাখাত ৰাষ্ট্ৰীয় পর্যায়ত প্রথম শ্রেষ্ঠ অভিনেতাৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ লগতে শুন্তি বৰদলৈয়ে তৃতীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ স্থান পাবলৈ সক্ষম হয়। 

আনহাতে, নয়নিকা দাসে চেমি ক্লাছিকেল নৃত্যত জুৰী সন্মানেৰে বিভূষিত হোৱাৰ উপৰি নাটকখন শ্রেষ্ঠ শিশু নাটক হিচাপে পুৰস্কৃত হোৱাৰ লগতে শ্রেষ্ঠ লেংগুৱেজ এৱাৰ্ড, শ্রেষ্ঠ শৃংখলাবদ্ধ দলৰ পুৰস্কাৰ, শ্ৰেষ্ঠ অভিনেতা, তৃতীয় শ্রেষ্ঠ অভিনেত্রী, গৌতম পাঠকে দ্বিতীয় শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ প্রয়োজনা বঁটাৰে তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

Share This