ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ বিখ্যাত ফল 'লঙগন'ৰ লগতে আন এবিধ অতি মূল্যবান 'পিষ্টা' ফলৰ গছত ডালভৰি দুয়োবিধ ফল লাগিছে। উল্লেখযোগ্য যে গুৱাহাটীৰ এগৰাকী অভিযন্তা তথা বিজ্ঞান বিশ্লেষক, ভাৰত চৰকাৰৰ আজাদী কি অমৃত মহোৎসৱৰ সমাজসেৱা বঁটাপ্ৰাপক কৈলাস শর্মাই ২০০৬ চনতে লগোৱা থাইলেণ্ডৰ লঙগনৰ গুটিৰ পৰা গজোৱা গছ আৰু ২০১৯ চনত ওড়িষাৰ পৰা অনা পিষ্টাৰ পুলিৰ পৰা শৰ্মাৰ পৰিয়ালৰ অমিয় নগৰত থকা মাটিত বিগত কেইবা বছৰৰ পৰা দুয়োবিধ অতি বিৰল ফল পাবলৈ সক্ষম হৈছে।
আনহাতে ২০০৪ চনতে আমেৰিকাৰ পৰা বিশিষ্ট অভিযন্তা লাবণ্য দেৱশৰ্মাই খাবলৈ অনা বিশ্বৰ অন্যতম প্রটিনযুক্ত ফল 'আভকেডো' খাই পেলাই দিবলৈ ওলোৱা বীজৰ পৰা পুলি গজোৱাৰ লগতে ২০০৬ চনত নৰৱেত অনুষ্ঠিত হোৱা বিশ্ব পাৱাৰ লিফ্টিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সময়ত তাৰ পৰা ষ্ট্ৰবেৰী ফলৰ ফর্মুলা আনি গুৱাহাটীৰ ৰাজগড়ত বিগত প্রায় ডেৰ দশক ধৰি অসমত এইবিধ ফল পাবলৈ সক্ষম হোৱা প্ৰথমগৰাকী খেতিয়কৰূপে স্বীকৃতি লাভ কৰিছে আৰু এই বিষয়ে ২০০৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত বিশিষ্ট সাংবাদিক বনদ্বীপ গোস্বামীৰ সৈতে হোৱা ৰেডিঅ' ইন লাইভ নামৰ কাৰ্যসূচীৰ জৰিয়তে প্ৰচাৰ হোৱাৰ পাছত ৰাজ্যখনত ষ্ট্ৰবেৰী খেতিৰ প্ৰচলন হয়।