শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালিৰে পৰা দ্বাদশ বিশেষ বার্ষিক অধিৱেশন, ৩ বছৰীয়া হ'ব সাহিত্য সভাৰ কাৰ্যকাল!

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক: কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্ত লৈছে অসম সাহিত্য সভাৰ নেতৃত্বই। বৰ্তমানৰ দুবছৰীয়া কাৰ্যকাল তিনি বছৰীয়া কৰাৰ বাবে সভাৰ কৰ্ণধাৰ সভাত ইতিমধ্যে প্রস্তাৱ লোৱা হৈছে। এই বিষয়টোক লৈ শেহতীয়াকৈ চর্চা চলি থকাৰ সময়তে কালি সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীয়ে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত কয় যে এটা প্রক্রিয়া অনুসৰিহে সভাৰ কাৰ্যকাল বৃদ্ধি হয়। 

কর্ণধাৰত লোৱা প্ৰস্তাৱ পৰৱৰ্তী সময়ত কার্যনির্বাহক সভাত উত্থাপন কৰা হ'ব আৰু কার্যনির্বাহকত গৃহীত হ'লে প্রতিনিধি সভাত আলোচনা কৰা হ'ব। যদিহে কার্যনির্বাহক আৰু প্ৰতিনিধি সভাই অনুমোদন দিয়ে তেনেহ'লে অনাগত দিনত সভাৰ কাৰ্যকাল তিনি বছৰীয়া হ'ব। ইফালে, চাৰি বছৰ নৌহওঁতেই সংবিধান সংশোধন কৰিব খোজাক লৈও প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনখন অহা ৩১ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। কালিৰ সংবাদমেলত সভাৰ সভাপতি ড° গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিত বৰাই অধিৱেশনৰ সবিশেষ অৱগত কৰি কয়- ৩১ জানুৱাৰীৰ পুৱা ৯-৩০ বজাত মে-ডাম-মে-ফি, পুৱা ১০ বজাত মূল তোৰণ, মঞ্চ, অস্থায়ী কার্যালয় আৰু বিভিন্ন সমন্বয় ক্ষেত্র উদ্বোধন হব। ইয়াৰ পাছতেই অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা অসম সাহিত্য সভাৰ প্রতিনিধিসকলৰ নাম পঞ্জীয়ন আৰম্ভ হ'ব। বিয়লি ৩ বজাৰ পৰা শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ চতুৰ্থ পূর্ণাংগ কার্যনির্বাহক অধিৱেশন অনুষ্ঠিত হ'ব আৰু সন্ধিয়ালৈ সাংস্কৃতিক সমাৱেশেৰে প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰিব। 

১ ফেব্ৰুৱাৰীৰ পুৱা ৮-৪৫ বজাত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে মূল পতাকা উত্তোলন কৰাৰ পাছত সমান্তৰালভাৱে বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধি আৰু অসম সাহিত্য সভাৰ বিষয়ববীয়াৰ দ্বাৰা মুঠ ১১৮খন পতাকা উত্তোলন কৰা হ'ব। ইয়াৰ পাছতে উপ-সভাপতি পদুম ৰাজখোৱাই স্মৃতি তর্পণ, শ্বহীদ তর্পণ কাৰ্যসূচী আৰম্ভ কৰিব। দিনৰ ১১ বজাত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক লৈ এটি বিশাল সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হ'ব। এই শোভাযাত্রাটি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। দিনৰ ১২ বজাৰ পৰা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মানীয় সভাপতিসকলৰ উপস্থিতিত সাহিত্য উৎসৱৰ অনুষ্ঠানটি অনুষ্ঠিত হ'ব। সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকগৰাকীয়ে লগতে কয় যে বিশেষ বার্ষিক অধিৱেশনত অসম সাহিত্য সভাৰ ৰামধেনু, আকাশ, কুঁহি, কবি সন্মিলন, যুৱ সংসদ উপ-সমিতিসমূহৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব য'ত শিশুৰ পৰা যুৱক-যুৱতী আটাইকে প্রাধান্য দিয়া হৈছে। 

এই অধিৱেশনৰ মূল আকর্ষণ হ'ব অসমৰ বিভিন্ন প্রান্তত থকা সভাৰ আজীৱন, হিতৈষী, শুভানুধ্যায়ী, পৰম হিতৈষী আৰু পৰম সুহৃদ হিতৈষী সভ্যসকলৰ প্ৰায় ৫০০০ স্থায়ী সভ্যক লৈ স্থায়ী সভ্যৰ সমাবেশ। এই স্থায়ী সভ্যৰ সমাৱেশখন উদ্বোধন কৰিব বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে। ইয়াৰ পাছত বিয়লি ১ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অসম সাহিত্য সভাৰ সভাপতিৰ পৌৰোহিত্যত প্রথম মুকলি অধিৱেশন অনুষ্ঠিত হ'ব। নগাঁও বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকাই উদ্বোধন কৰিব লগা অধিৱেশনত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক মুখ্য অতিথি, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক পৰম সন্মানীয় অতিথি আৰু সভাৰ প্ৰাক্তন সভাপতিসকলক সন্মানীয় অতিথিৰ লগতে প্রাক্তন উপ-সভাপতি, প্রধান সম্পাদকসকলক বিশিষ্ট অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। বিয়লি ৪-৩০ বজাত মহিলাসকলৰ বিশেষ অনুষ্ঠান আকাশ অনুষ্ঠিত হ'ব। এই অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী বিয়লি ১ বজাত দ্বিতীয় মুকলি অধিৱেশন। 

অসম সাহিত্য সভাৰ সভাপতি গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হ'ব লগা দ্বিতীয় মুকলি অধিৱেশনত উদ্বোধক হিচাপে বিশিষ্ট ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱচৌধুৰী, পৰম সন্মানীয় অতিথি হিচাপে ওড়িশাৰ জ্ঞানপীঠ বঁটাপ্রাপক, পদ্মভূষণ প্রতিভা ৰায়, মুখ্য অতিথি হিচাপে প্রাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰা, আমন্ত্রিত অতিথি হিচাপে হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য অধ্যাপক ড° অমলেন্দু চক্ৰৱৰ্তী আৰু বিশিষ্ট সমালোচক ময়ূৰ বৰা উপস্থিত থাকিব। প্রতিদিনে নিশা সাংস্কৃতিক সমাৱেশো অনুষ্ঠিত হ'ব বুলি প্রধান সম্পাদক দেৱজিৎ বৰাই জনোৱাৰ লগতে সকলো সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Share This