ডিজিটেল ডেস্ক: ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে ব্ৰিটিছসকলে আৰম্ভ কৰা ঘোঁৰা দৌৰ আজিও সগৌৰৱে যোৰহাটত চলি আহিছে। দেশৰ ভিতৰতে অন্যতম যোৰহাট জিমখানা ক্লাবৰ খেলপথাৰত অহা ৬ মাৰ্চৰ পৰা ৮ মাৰ্চলৈকে ১৪৩ সংখ্যক যোৰহাট ৰেচৰ আয়োজন কৰিছে।
১৮৬৪ চনৰ পৰা ইংৰাজসকলে আৰম্ভ কৰা ঘোঁৰা দৌৰ যোৰহাটত সগৌৰৱে অনুষ্ঠিত কৰি পুৰণি পৰম্পৰা ধৰি ৰাখিছে উদ্যোক্তাসকলে। প্রথম অৱস্থাত ব্ৰিটিছসকলে নিজৰ কামৰ বাবে অসমলৈ অনা উচ্চ জাতৰ ঘোঁৰাসমূহ একত্ৰিত কৰি এই ঘোঁৰা দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিল। ১৮৫০ চনতে ব্রিটিছসকলে অসমত বহু চাহ বাগিচা আৰম্ভ কৰিছিল। সেই সময়তে ব্রিটিছ চাহাবসকলে চাহ বাগিচাসমূহ চোৱাচিতা কৰিবলৈ উন্নত জাতৰ ঘোঁৰাৰ ব্যৱহাৰ কৰিছিল। এই ঘোঁৰাসমূহক আনি যোৰহাটৰ চেকনিধৰাত ঘোঁৰা দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল।
১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতাৰ পাছত মিচিং জনজাতিসকলৰ ৰাইডাৰসকলক আমন্ত্ৰণ কৰি আনি তেতিয়াৰে পৰা যোৰহাট ৰে'চ অব্যাহত আছে। ৭৫ বছৰৰো অধিক সময় মিচিং জকীসকলে নিজস্ব শৈলীত ঘোঁৰা দৌৰাই ৰাইজৰ মাজত জনপ্রিয়তাও লাভ কৰিছে। ব্ৰহ্মপুত্ৰৰ বালিচৰত, যোৰহাটৰ জাঁজীমুখ আদিৰ মিচিং জকীসকলে প্রতিবছৰে অনুশীলন কৰি আহিছে একমাত্র এই প্রতিযোগিতাখনত অংশগ্ৰহণৰ উপলক্ষে। ঐতিহাসিক ঘোঁৰা দৌৰ প্ৰতিযোগিতাখনক উজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত ঘোঁৰা দৌৰাব জনা লোকৰ সান্নিধ্যত যুৱকসকলে অনুশীলন কৰি যোৰহাট ৰেচৰ বাবে প্ৰস্তুত হয়। যোৰহাটৰ জাঁজীমুখ, ককিলামুখ, কলবাৰী, আমগুৰিৰ বহু ঠাইৰ পৰা মিচিং জনগোষ্ঠীৰ যুৱকসকলে ইতিমধ্যে ব্রহ্মপুত্ৰৰ বালিচৰত অনুশীলন কৰিছে।
উল্লেখযোগ্য যে বাৰিষা হ'লে এই ঘোঁৰাসমূহ ব্ৰহ্মপুত্ৰৰ চাপৰিত এৰি দিয়া হয়। চাপৰিতে ঘাঁহ খাই ঘোঁৰাসমূহ দীর্ঘদিন থকাৰ পাছত ডিচেম্বৰ মাহত ধৰি আনি পুনৰ অনুশীলন কৰি দৌৰৰ বাবে প্ৰস্তুত কৰে। বৰ্তমানেও যোৰহাট ৰেচে যোৰহাটৰ ৰাইজৰ মাজত গৌৰৱেৰে স্থান দখল কৰি আহিছে। যোৰহাট জিমখানা ক্লাবৰ সদস্যাসকল, চাহ খেতিয়কসকল, চৰকাৰৰ লগতে বিভিন্ন পক্ষৰ সহযোগিতাৰে যোৰহাট ৰেচৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। ১৪৩ সংখ্যক যোৰহাট ৰেচখন খেলমাটিৰ যোৰহাট জিমখানা ক্লাবৰ ৰেচ ক'ৰ্ছত অহা ৬-৮ মার্চলৈকে আয়োজন কৰিছে।
আনহাতে, ৮ মার্চ, দেওবাৰে সন্মানীয় গভনৰ্ছ ক্লাব প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। তিনিদিনীয়া কাৰ্যসূচীত ঘোঁৰা দৌৰৰ উপৰি কুকুৰ প্ৰদৰ্শন, সাংস্কৃতিক আৰু বিভিন্ন ক্রীড়া অনুষ্ঠানৰো আয়োজন কৰিছে। উল্লেখযোগ্য যে এই ৰেচ চাবলৈ প্রতিবছৰে দহ হাজাৰৰো অধিক লোক জিমখানা ক্লাবলৈ আহে। প্রতিবছৰে মেলাসদৃশ পৰিৱেশৰ সৃষ্টি হয় জিমখানা ৰেচ ক'ৰ্ছত। এই ঐতিহাসিক অনুষ্ঠানটোৰ সাক্ষী হ'বলৈ প্ৰতিবছৰৰ দৰে এইবাৰো অনুষ্ঠানটোলৈ আহিবলৈ উদ্যোক্তাসকলে ৰাইজক আহ্বান জনাইছে।