তেজপুৰত পদ্মনাথ গোহাঞিবৰুৱাৰ ১৫৪সংখ্যক জয়ন্তী পালন, অর্জুন ভোগেশ্বৰ বৰুৱাক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী বঁটা প্রদান

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক: ৰাজ্যখনৰ শৰীৰ চৰ্চাৰ বাটকটীয়া তথা ১৯০৪ চনতে শৰীৰ চৰ্চা বিষয়ক গ্রন্থ 'দেশী কচৰৎ' ৰচনা কৰা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি, সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰত প্ৰতিষ্ঠা কৰা শতবর্ষীয় সামাজিক অনুষ্ঠান 'অসমীয়া ক্লাব'-এ মঙ্গলবাৰে সাহিত্য কাণ্ডাৰীগৰাকীৰ ১৫৪ সংখ্যক জয়ন্তীৰ দিনটোত অসম তথা ভাৰত গৌৰৱ অর্জুন ভোগেশ্বৰ বৰুৱাক প্ৰথমবাৰৰ বাবে 'সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা বঁটা'ৰে বিভূষিত কৰে। 

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত অসমীয়া ক্লাবত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী, উপ-সভাপতি পংকজ কুমাৰ বৰা, সম্পাদক অনু দেৱী মহন্ত, যুটীয়া সম্পাদক নাৰায়ণ বৰঠাকুৰ, ভূপেন শর্মা, প্রাক্তন সম্পাদক চিত্তদেৱ শর্মা, সদস্য সত্যদেৱ শৰ্মা, হিৰণ্য ভূঞা, দিৱস মণি বৰুৱাকে ধৰি ক্লাবৰ বিষয়ববীয়াসকলে গামোচা, এৰী চাদৰ, ফুলাম জাপি, স্মাৰক, প্রশস্তি পত্ৰ আৰু নগদ ৫০ হাজাৰ টকাৰে পুৰোধা ক্রীড়াবিদ অর্জুন ভোগেশ্বৰ বৰুৱাক এই বঁটা প্ৰদান কৰে। 


চাৰিগৰাকী যুৱতী সত্ৰীয়া শিল্পীৰ খোল-তাল বাদনেৰে ৮৬ বছৰীয়া অর্জুনগৰাকীক সভাস্থলীলৈ আদৰি আনি এই বঁটা প্ৰদান কৰাৰ পিছত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, অসমীয়া ভাষা উন্নতি সাধিনী সভা, পদ্মনাথ গোহাঞিবৰুৱা শাখা সাহিত্য সভা, তেজপুৰ জিলা ক্রীড়া সন্থা, শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা, শোণিতপুৰ জিলা শক্তি উত্তোলন সন্থা, শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থা, শোণিতপুৰ জিলা টাগ অব্ ৱাৰ সন্থা, শোণিতপুৰ জিলা যোগ সন্থাৰ লগতে প্রায় একুৰিৰো অধিক অনুষ্ঠানে অর্জুন ভোগেশ্বৰ বৰুৱাক সম্বর্ধনা জ্ঞাপন কৰে। সম্বর্ধনা গ্রহণ কৰি অশীতিপৰ বৰেণ্য ক্রীড়াবিদগৰাকীয়ে যিকোনো খেলৰ প্ৰতিযোগিতাত দেশী-বিদেশী দলৰ খেলুৱৈক কি শক্তিৰ বলত পৰাজিত কৰিবলৈ সক্ষম হৈছিল সেই কথা সদৰী কৰি খেলৰ মুহূৰ্তত নিজে এক ঐশ্বৰিক শক্তি লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে। সেইখিনি মুহূর্তত তেওঁ আন সকলো কথা পাহৰি যায় বুলি মন্তব্য কৰি নতুন প্ৰজন্মৰ খেলুৱৈসকলে সম্প্রতি খেলৰ বাবে এখন উপযুক্ত মঞ্চ লাভ কৰিবলৈ সক্ষম হৈছে বুলি কৈ সাধনালব্ধতাৰে খেলৰ সৈতে আগবাঢ়িব পাৰিলে সকলোৰে জয় নিশ্চিত বুলি কয়। 


আনহাতে ক্রীড়াবিদগৰাকীয়ে নতুন প্রজন্মক যিকোনো খেলৰ প্ৰশিক্ষণ প্রদান কৰিব লগা হ'লে এতিয়াও প্রশিক্ষণ প্রদান কৰিবলৈ সাজু বুলি মন্তব্য কৰি এফাকি বিহু গীত গাই সকলোকে আপ্লুত কৰে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শান্তনু বৰুৱাই প্ৰাৰম্ভিকতে তেজপুৰৰ ছয়টাকৈ জাতীয় অনুষ্ঠানৰ উদ্যোগত গঠন হোৱা সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য সদৰী কৰা আৰু ধৰিত্ৰী শ্ৰাৱণে আঁত ধৰা অনুষ্ঠানটিত অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীয়ে আদৰণী ভাষণ প্ৰদান কৰি প্ৰতি দুবছৰৰ মূৰে মূৰে সাহিত্য, সংস্কৃতি, নাটক, ক্রীড়া আদিলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হ'ব বুলি কয়। 

আনহাতে সাহিত্য কাণ্ডাৰীগৰাকীৰ নাতি সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞিবৰুৱা পৰিচালিত পদ্মনাথ গোহাঞি বৰুৱা ৰচিত এটি সমবেত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট লেখক শান্তনু বৰুৱা ৰচিত 'কাণ্ডাৰী পদ্মনাথ' শীর্ষক এখন আলেখ্যৰে উপস্থিত ৰাইজক মন্ত্রমুগ্ধ কৰি তোলে। বিশিষ্ট নাট্যশিল্পী ভূপেন শৰ্মা পৰিচালিত আলেখ্যখনত তেজপুৰৰ অভিনেতা উজ্জ্বল শইকীয়া, বিপ্লব শৰ্মাই অভিনয় কৰে। সমগ্র অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰৰ বিশিষ্ট চিত্র-ভাস্কর্য শিল্পী মৃগেন কলিতাই অংকন কৰা অসমৰ ভিতৰতে প্ৰথমখন পদ্মনাথ গোহাঞিবৰুৱাৰ পূৰ্ণাবয়ৱ চিত্র আনুষ্ঠানিকভাৱে উন্মোচন কৰে অর্জুন ভোগেশ্বৰ বৰুৱাই। প্রতিচ্ছবিখন উন্মোচনৰ পিছতেই সাহিত্য কাণ্ডাৰীগৰাকীৰ বোৱাৰী পৰি গোহাঞিবৰুৱা, নাতি উদয় কৃষ্ণ গোহাঞিবৰুৱা, সঞ্জয় কৃষ্ণ গোহাঞিবৰুৱা আৰু উদ্যোক্তা আটাইকেইটা অনুষ্ঠানৰ বিষয়ববীয়াসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। 

কালিৰ এই অনুষ্ঠানতে 'শিক্ষাবিদ হিচাপে পদ্মনাথ গোহাঞিবৰুৱাৰ অৱদান' শীর্ষক বিষয়ত বক্তৃতা দিয়ে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা স্তম্ভ লেখক ড° অৰবিন্দ ৰাজখোৱাই। ড° ৰাজখোৱাই আৰম্ভণিতে পদ্মনাথ গোহাঞিবৰুৱা অসমৰ প্রথমগৰাকী শিক্ষাবিদ আছিল বুলি মন্তব্য কৰি শিক্ষাবিদ হিচাপে গোহাঞি বৰুৱাক ছটাকৈ ভাগত আলোকপাত কৰি কয়- জেনকিন্স ৰিপ'ৰ্টৰ ফলতহে অসমীয়া ভাষাৰ সলনি বাংলা ভাষা অসমত প্রচলিত হৈছিল। অসমীয়া পাঠ্যপুথি প্রণয়নৰ ক্ষেত্ৰত ইংৰাজ প্রশাসনে বিশেষ পদক্ষেপ গ্রহণ কৰিছিল। 

পদ্মনাথ গোহাঞিবৰুৱাক পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত ইংৰাজসকলৰ এই ভূমিকাই বিশেষ উদ্‌গনি যোগাইছিল। ড° সূর্য কুমাৰ ভূঞাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভৰ বাবে গোহাঞিবৰুৱাৰ ৰচনা ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল। পদ্মনাথ গোহাঞিবৰুৱাই নিজৰ প্ৰকাশিত গ্রন্থসমূহ ছাৰ আশুতোষ মুখোপাধ্যায়লৈ পঠিয়াইছিল। কেইবাখনো গ্রন্থ আশুতোষ মুখোপাধ্যায়ৰ পুথিভঁৰালত পোৱা গৈছে। আমি সকলোৱে তেওঁৰ দ্বিতীয়খন ৰচনাৱলী প্ৰকাশ কৰাৰ বাবে হাত উজান দিয়াৰ প্ৰয়োজন। শিক্ষক প্রশিক্ষণৰ প্রথমখন পুথি শিক্ষাবিধি পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়াত ৰচনা কৰিছিল। পুৰোধা ব্যক্তিৰ আদৰ্শৰে নৱপ্ৰজন্মক পৰিচালিত কৰাৰ উদ্দেশ্যৰে তেওঁ জীৱনী সংগ্ৰহৰ দৰে গ্ৰন্থ ৰচনা কৰিছিল। শিশু সাহিত্যিক ৰূপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁক অৱমাননা কৰা হৈছে। তেওঁক শিশু সাহিত্যিক ৰূপে প্ৰতিষ্ঠা কৰাৰ সময় সমাগত বুলি কৈ শিক্ষাবিদ হিচাপে পদ্মনাথ গোহাঞি বৰুৱাৰ বিভিন্ন দিশ অতি নির্মোহভাবে বিশ্লেষণ কৰে। 

উল্লেখযোগ্য যে অসমীয়া ক্লাবৰ সম্পাদক অনু দেৱী মহন্তই অর্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱন পৰিচিতি আলোকপাত কৰা অনুষ্ঠানত ড° অৰবিন্দ ৰাজখোৱাৰ জীৱন পৰিচিতি আৰু সৃষ্টিৰাজিৰ ওপৰত আলোকপাত কৰে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ড° পল্লৱ ভট্টাচার্যই।

Share This