ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ খাৰিদলৰ কলহী নৈত পকী দলং নথকাত টুলুঙা নাৱেৰে ৰাইজে বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে। খাৰিদলৰ কলহী নৈত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ ৩৬৫ দিনেই টুলুঙা নাৱৰ বাহিৰে যাতায়াতৰ গত্যন্তৰ নাই।
ইপিনে খাৰিদলৰ কলহী নৈখন পাৰাপাৰৰ বাবে ৰাইজ তথা শিক্ষার্থীয়ে জমা ধন খৰচ কৰিবলগীয়া হৈছে। আনকি খাৰিদলৰ কলহী নৈত ইপাৰৰ পৰা সিপাৰলৈ বান্ধি ৰখা হৈছে এডাল দীঘল ৰছী। ৰছীডালৰ লগত টুলুঙা নাৱৰ সৈতে ৰছী বান্ধি দিয়া হৈছে। যাতে পানীৰ সোঁতে টুলুঙা নাওখন উটুৱাই নিব নোৱাৰে। সৰু টুলুঙা নাৱত নাথাকে কোনো নাৱৰীয়া। নাৱত যাতায়াত কৰা লোকে নিজেই ৰছীডাল টানি বিপদসংকুলভাৱে কলহী নৈ পাৰাপাৰ হ'ব লাগে। নৈত ৰছী টানি টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত অব্যাহত ৰখাৰ ফলত শিক্ষার্থীসকলে সময়মতে শিক্ষানুষ্ঠান গৈ নাপায়। তদুপৰি খাৰিদলৰ কলহী নৈত দলং নথকাত স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনি এম্বুলেঞ্চ সেৱাৰ পৰা বঞ্চিত হ'বলগা হৈছে প্রসূতি মাতৃ তথা মুমূর্ষু ৰোগীয়ে। ফলত প্রসূতি, মুমূর্ষু ৰোগীক লৈ সমস্যাত পৰিবলগা হৈছে। আনহাতে, নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে দুর্গম অঞ্চলৰ উন্নয়নৰ কথা কয় যদিও পিছমুহূৰ্ততে পাহৰি যায় অনগ্ৰসৰ খাৰিদল, ১নং জামবাৰী পথাৰ, পাছগুমী আদি সংখ্যালঘু বসতিপ্রধান অঞ্চলৰ উন্নয়নৰ কথা।
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ জৰিয়তে গ্রামাঞ্চলৰ আন্তঃগাঁথনি তথা ঠাইবিশেষে পকী দলং নিৰ্মাণ কৰাৰ বাবে কোটি কোটি টকা আবণ্টন দি আহিছে যদিও কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ সংখ্যালঘু অধ্যুষিত অঞ্চল খাৰিদলৰ কলহী নৈৰ ওপৰত আজিও ৰহস্যজনক কাৰণত এখন স্থায়ী দলং নিৰ্মাণ নহ'ল। সেয়েহে উক্ত ঠাইত এখন স্থায়ী পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী জনাইছে ।