ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ উপলক্ষে আউনীআটী বিশ্ববিঃত বিশেষ অনুষ্ঠান, 'অসমলৈ প্রথম মান অনাইছিল চিংফৌ-মুখিয়াল বিচানাঙেহে'

dainik janambhumi February 25, 2026

ডিজিটেল ডেস্ক: অসমলৈ প্রথম মান অনাৰ কলংকৰ পৰা বদনচন্দ্ৰ বৰফুকনক মুক্ত কৰা হওক। কিয়নো, মোৱামৰীয়া বিদ্ৰোহৰ জৰিয়তেহে ভূখণ্ডটোত মানৰ প্ৰথম অনুপ্রৱেশ ঘটিছিল। কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত দুবাৰকৈ মান সেনাই আহোম সেনাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। 

মোৱামৰীয়া মৰাণসকলে চিংফৌসকলৰ জৰিয়তে মানৰ লগত সম্পর্ক গঢ়ি তুলিছিল। তাৰেই ফলশ্রুতিত প্ৰথমবাৰ চিংফৌসকলৰ মুখিয়াল বিচানাঙৰ জৰিয়তে আৰু দ্বিতীয়বাৰ ৰামনাথ বৰবৰুৱাক পঠিয়াই মান সেনা অনাইছিল।' কালি ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ উপলক্ষে আউনীআটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত আয়োজিত এটা অনুষ্ঠানত আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, বিশিষ্ট বুৰঞ্জীবিদ, গৱেষক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই এনেদৰে কয়। 

ইতিহাস বিভাগৰ বিভাগীয় সমন্বয়ক ড° ৰাজদীপ বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত ব্ৰিটিছৰ দুৰভিসন্ধি সম্পৰ্কে ব্যাখ্যা কৰি বিশিষ্ট গৱেষক ড° বৰুৱাই আৰু কয়, 'ব্ৰিটিছৰ উদ্দেশ্য অসম ভূখণ্ডক মানৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰাটো নাছিল। হোৱা হ'লে বদন চন্দ্র বৰফুকনে যেতিয়া সীমামূৰলিতে ব্ৰিটিছৰ সহায় বিচাৰিছিল। নিশ্চিতভাৱে সেই সাহায্য আগবঢ়াই ভূখণ্ডটোৰ অভ্যন্তৰীণ সংকট দূৰ কৰিলেহেঁতেন। কিন্তু ব্রিটিছে অপেক্ষা কৰিছিল অধিক সংকটৰ মাজলৈ ভূখণ্ডটো যাওক আৰু ভূখণ্ডটোক সকলো স্তৰতে গ্ৰাস কৰা।' অসম চিৰদিনলৈ ব্ৰিটিছ পদানত হৈ ৰ'ল বুলি সজোৰে উল্লেখ কৰি ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই লগতে কয়, 'কি ভাষা, কি ৰাজনীতি, কি সংস্কৃতি, কি সমাজচেতনা সকলোবোৰেই আমাৰ ব্ৰিটিছ মানসিকতাপীড়িত। আমি নিজৰ ভৌগোলিক অস্তিত্বকো ব্রিটিছ চক্রান্তৰ ফলতে হেৰুৱালোঁ। 

যি দৰে ভাৰতীয় সভ্যতাৰ পৰা ইয়াৰ কেন্দ্ৰস্থল হৰপ্পা, মহেঞ্জোদাৰোক চিৰদিনলৈ বিচ্ছিন্ন কৰি থৈ পাকিস্তানৰ অংগীভূত কৰিলে, অসম ভূখণ্ডৰ সৰ্বনাশ কৰাৰ মানসেৰেই গ্রুপিজিমৰ অন্তৰ্ভুক্ত কৰাৰ চক্রান্ত ব্ৰিটিছে কৰিছিল' বুলি তেওঁ উল্লেখ কৰে। বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ শিক্ষার্থী লখিমী দেৱীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত ক্রমে আধ্যাত্মিক বিভাগৰ ৰূপম কুমাৰ শইকীয়া শাস্ত্ৰী, অসমীয়া বিভাগৰ ড° অলি গগৈ, প্রশাসনিক সমন্বয়ক বীথিকা শইকীয়া, অভ্যন্তৰীণ মান নিৰূপণ কোষৰ উপ-সঞ্চালক মৌচুমী খনিকৰ, ভাৰপ্ৰাপ্ত শৈক্ষিক সমন্বয়ক মায়াশ্রী বুঢ়াগোহাঁই, বিশ্ববিদ্যালয় চৌহদ সমন্বয়ক অমিতাভ বৰদলৈ, অসমীয়া বিভাগৰ কুকি বৰা, পৰিৱেশ্য কলা বিভাগৰ দুৰ্গেশ্বৰ বৰুৱা, অঞ্জলি বৰবৰা বৰঠাকুৰ, জয়ন্ত শইকীয়া, লোকবিদ্যা অধ্যয়ন বিভাগৰ ৰিণ্টিৰাণী ভূঞা, ৰাজনীতি বিজ্ঞান বিভাগৰ ড° কৈলাস প্রতিম হাজৰিকা, শিক্ষাতত্ত্ব বিভাগৰ বৰ্ণালী নেওগ, গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগৰ কৃষ্ণাজ্যোতি শইকীয়া, ভূগোল বিভাগৰ প্রান্তিক বৰদলৈ প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকাসকলৰ উপৰি বিশ্ববিদ্যালয়ৰ বিষয়া- কৰ্মচাৰীসকলৰ লগতে শিক্ষার্থীসকলে অংশগ্রহণ কৰে।

Share This