কবি-সমালোচক হৰেকৃষ্ণ ডেকালৈ 'দিখৌ সাহিত্য সাধনা বঁটা- ২০২৬'

dainik janambhumi February 01, 2026

ডিজিটেল ডেস্ক: যশস্বী কবি, সমালোচক তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্রধান হৰেকৃষ্ণ ডেকালৈ দিখৌ সাহিত্য সাধনা বঁটা ২০২৬ ঘোষণা কৰা হৈছে। 

'আছাম নিউজ পয়েট্রি জর্নেল' নামৰ বহুভাষিক ত্রৈমাসিক কবিতা আলোচনীখনে প্রথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা আলোচনীখনৰ পৰৱৰ্তী গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এপ্রিল মাহৰ বসন্তকালীন সংখ্যাৰ উন্মোচনী অনুষ্ঠানত প্রদান কৰা হ'ব বুলি আলোচনীখনৰ মুখ্য সম্পাদক গুণ মৰাণ, কাৰ্যবাহী সম্পাদক শ্যামলীমা শইকীয়া, যুটীয়া সম্পাদক কিশোৰ মনজিৎ বৰা আৰু নৱ ৰাজনে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে। 

লগতে কাব্যালোচনীখনলৈ কবিতা, কবিতা সম্পর্কীয় লেখা assammusepoetryjournal@gmail.com মেইলযোগে পঠাবলৈ আহ্বান কৰা হৈছে। সবিশেষ জানিবৰ বাবে ভ্ৰাম্যভাষ নম্বৰঃ ৯৮৫৪৮৪৮৩৫৯, ৯৮৫৪৭৭৬১১৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Share This