ডিজিটেল ডেস্কঃ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাই অহা ৫ আৰু ৬ মে' তাৰিখে ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। এই সন্দৰ্ভত আজি ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠানৰ মূল ৰভাৰ লাইখুঁটা স্থাপন কৰা হয়।
দিচাম সত্ৰৰ অধিকাৰ বাবুল দহোতীয়াই লাইখুঁটা স্থাপন কৰা অনুষ্ঠানত মৰাণ ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদককে ধৰি মৰাণ জনগোষ্ঠীৰ সকলো সংগঠনৰ নেতৃত্ব, ডুমডুমাৰ জাতীয়-জনগোষ্ঠীয় সংগঠন, ব্যাৱসায়িক সংগঠনৰ নেতৃত্ব, সংবাদ মাধ্যমৰ লোক, বিশিষ্ট ব্যক্তি অৰ্জুন বৰুৱা, মৃগেন শইকীয়া আৰু বহুকেইগৰাকী লোক উপস্থিত থাকে।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী, বহুকেইজন বিশেষ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তা সমিতিৰ সভাপতি মুলেন্দ্ৰ মৰাণে জানিবলৈ দিয়ে। অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে সংগঠনটোৱে